ভয়াবহ ভূমিকম্পত কঁপি উঠিল আফগানিস্তান, ২৫৫ জন নিহত

নিয়মীয়া বাৰ্তা, ২২ জুনঃ আফগানিস্তানত ভয়ংকৰ ভূমিকম্প(Earthquake)। সংবাদ সংস্থা ৰয়টাৰ্ছৰ মতে দেশখনৰ পূব পাকটিকা প্ৰদেশত ৬.১ তীব্ৰতাৰ ভূমিকম্পত কমেও ২৫৫ জন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে আহত হৈছে ২০০ৰো অধিক লোক।

আফগানিস্তানৰ দুৰ্যোগ ব্যৱস্থাপনা বিভাগে জনোৱা মতে, ভূমিকম্পটো আজি ৰাতিপুৱাৰ ভাগত অনুভূত হৈছে। সৰ্বাধিক প্ৰায় ৫০০ কিলোমিটাৰজুৰি আফগানিস্তান আৰু পাকিস্তানৰ কিছু অংশ ভূমিকম্পৰ দ্বাৰা ক্ষতিগ্ৰস্ত হৈছে।

ইপিনে আফগান বিষয়াসকলে জনোৱা মতে এই ভয়াৱহ ভূমিকম্পত বহু লোকৰ হতাহতি হোৱাৰ আশংকা কৰা হৈছে। ইউ এছ জি এছৰ মতে, দক্ষিণ-পূব আফগানিস্তানৰ খোষ্ট চহৰৰ পৰা প্ৰায় ৪৪ কিলোমিটাৰ (২৭ মাইল) দূৰত্বত ৫১ কিলোমিটাৰ গভীৰতাত এই ভূমিকম্পটো হৈছে।

Featured