৩০ সপ্তাহৰ অন্তঃসত্ত্বা ধর্ষিতা কিশোৰীয়ে কৰাব পাৰিব গর্ভপাত

🔹 উচ্চতম ন্যায়ালয়ৰ নজিৰবিহীন ৰায়

বিশেষ বাৰ্তা, ২৩ এপ্রিল : গর্ভাৱস্থাৰ ৩০ সপ্তাহ অতিক্রম কৰিছে৷ তাৰ পিছতো গর্ভপাতৰ অনুমতি দিলে উচ্চতম ন্যায়ালয়ে৷ ধর্ষণৰ ফলত ১৪ বছৰীয়া কিশোৰী এজনী অন্তঃসত্ত্বা হয়৷ বোম্বাই উচ্চ ন্যায়ালয়ে এই গর্ভপাতৰ অনুমতি দিয়া নাছিল৷ ভাৰতীয় আইন অনুসৰি ২৪ সপ্তাহ অতিক্রম কৰিলে গর্ভপাত কৰিব নোৱাৰে৷ কিন্তু উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্রচূড় আৰু জেডি পার্দিৱালাৰ বিচাৰপীঠে নাবালিকাৰ শাৰীৰিক আৰু মানসিক অৱস্থা পৰীক্ষা কৰি হাস্পতালে প্রতিবেদন দাখিল কৰাৰ পিছত কালি গর্ভপাতৰ ক্ষেত্রত অনুমতি দিছে৷ চিকিৎসকৰ প্রতিবেদন অনুসৰি শিশু জন্ম দিলে কিশোৰীৰ জীৱনলৈ বিপদ নামি আহিব পাৰে৷

Featured