আফগানিস্তানত ২.৫০ লাখৰ পৰা ৭০০লৈ হ্রাস পালে শিখ–হিন্দুৰ জনসংখ্যা

আইছিছৰ ভাবুকি–উৎপীড়ন

নিয়মীয়া বাৰ্তা ২৮ ছেপ্টেম্বৰঃ   আফগানিস্তানত হিন্দু আৰু শিখ সম্প্রদায়ৰ লোকৰ বিৰুদ্ধে চলিছে ভয়াৱহ নির্যাতন৷ দেশখনত বিগত কেইটামান বছৰৰ ভিতৰতে অভাৱনীয় হাৰত হ্রাস পাইছে এই দুয়োটা সম্প্রদায়ৰ জনসংখ্যা৷ বহু শিখ তথা হিন্দুৰ জন্মস্থান আছিল আফগানিস্তান৷ কিন্তু দীর্ঘদিন ধৰি ইছলামিষ্ট জেহাদীৰ অকথ্য নির্যাতন তথা দুয়োটা সম্প্রদায়ৰ লোকৰ বিৰুদ্ধে তালিবানে গ্রহণ কৰা হিংস্র নীতিৰ বাবেই দেশখনৰ পৰা পলায়ন কৰিছে হিন্দু–শিখ লোকসকলৰ গৰিষ্ঠসংখ্যকে৷ শেহতীয়াকৈ ইছলামিষ্ট জেহাদীৰ নির্যাতন অধিক ভয়াৱহ হৈছে৷ বিশেষকৈ মধ্য প্রাচ্যত মূৰ দাঙি উঠা ইছলামিক ষ্টেট (আইছিছ) জেহাদীৰ সাংগঠনিক ভেটি দেশখনত অধিক শক্তিশালী হোৱাৰ লগে লগে হিন্দু আৰু শিখ লোকসকলৰ বিৰুদ্ধে আহি পৰিছে প্রত্যক্ষ ভাবুকি৷ জন্মভূমি হ’লেও আফগানিস্তানত এতিয়া গৰিষ্ঠসংখ্যক শিখ–হিন্দু লোকে বাস কৰিবলৈ ইচ্ছা প্রকাশ নকৰে বুলি কেইবাটাও সংবাদ সংস্থাই সদৰী কৰিছে৷ এসময়ত আঢ়ৈ লক্ষাধিক হিন্দু আৰু শিখ লোক আছিল দেশখনত৷ কিন্তু এতিয়া দুয়োটা সম্প্রদায়ৰ মুঠ জনসংখ্যা ৭০০তকৈও কম দেশখনত৷ শিখ সম্প্রদায়ৰ এগৰাকী নেতাই উল্লেখ কৰা অনুসৰি আইছিছৰ ভাবুকিৰ বাবেই দেশখনত আৰু দীর্ঘদিনলৈ তেওঁলোকে বাস কৰি থকাটো সম্ভৱ নহ’ব৷ হামডার্ড নামৰ লোকজনে সংবাদ মাধ্যমক জনোৱা অনুসৰি আইছিছে তেওঁৰ ভগ্ণী, ভতিজা আৰু জোঁৱাইসহ পৰিয়ালৰ সাতগৰাকী সদস্যক হত্যা কৰিছে৷ যোৱা মার্চ মাহত এটা গুৰুদ্বাৰত সংঘটিত আইছিছৰ আক্রমণত হামডার্ডৰ পৰিয়ালৰ সদস্যসকল নিহত হৈছে৷ উল্লেখনীয় যে এই আক্রমণৰ ঘটনাত ২৫গৰাকী শিখ লোকে প্রাণ হেৰুৱাইছিল৷ এই ঘটনাৰ পাছতে বহু শিখ আৰু হিন্দু লোকে আফগানিস্তান ত্যাগ কৰিছে৷ হামডার্ডে দেশখনৰ পৰা পলায়নৰ চিন্তা কৰিছিল যদিও বৃদ্ধা মাতৃৰ বাবে আজিলৈকে প্রাণৰ আশংকা সত্ত্বেও দেশখনত বাস কৰি আছে৷ লক্ষণীয়ভাৱে তালিবানৰ উত্থানৰ সময়তেই আফগানিস্তানত হিন্দু আৰু শিখসকলৰ ওপৰত আৰম্ভ হৈছিল অমানৱীয় আতিশয্য৷ ১৯৯২ৰ পৰা ১৯৯৬ চনলৈ বহু হিন্দু মন্দিৰ আফগানিস্তানত ধ্বংস কৰিছিল তালিবান আৰু অন্যান্য ৱাৰ ল’ডবোৰে৷ দেশখনৰ পৰা পলায়ন কৰা শিখ সম্প্রদায়ৰ নেতা চৰণ সিং খালছাই বি বি চিক জনোৱা অনুসৰি তেওঁৰ ভাতৃক দুবছৰ পূর্বে আইছিছে হত্যা কৰাৰ পাছতে আফগানিস্তানক বিদায় জনাইছে৷ লক্ষণীয়ভাৱে সংখ্যালঘু হিন্দু আৰু মুছলমান সম্প্রদায়ক নিৰাপত্তা প্রদানৰ বিষয়টোক বিশেষ গুৰুত্ব দিয়া নাই আফগান চৰকাৰেও৷ শেহতীয়াকৈ ভাৰত–কানাডা তথা অন্যান্য দেশলৈ আফগানিস্তানৰ পৰা দুয়োটা সম্প্রদায়ৰ লোকসকলে যাত্রা কৰিবলৈ লৈছে৷ হয়তো চৰকাৰে বিষয়টোত গুৰুত্ব নিদিলে এবছৰৰ ভিতৰতে আফগানিস্তান হৈ পৰিব হিন্দু আৰু শিখশূন্য৷

Featured