মাইক বন্ধ নকৰাকৈয়ে শুই পৰিল আজান দিবলৈ অহা মৌলবী আৰু তাৰপাছত নাকৰ শব্দ…

ওপৰত দিয়া ভিডিঅ’টো অন কৰক আৰু ভালকৈ ভিডিঅ’টোৰ শব্দ শুনক। ভিডিঅ’টোত শুনিবলৈ পোৱা এই নাকৰ কৰ্কশ শব্দ কিহৰ বুলি হয়টো আপোনাৰ মনত প্ৰশ্ন উত্থাপন হৈছে। স্বাভাৱিকতেই হ’ব। তেন্তে শুনক, এই শব্দ এজন আজান দিবলৈ অহা মৌলবীৰহে।

উল্লেখ্য যে আজান দিয়াৰ পিছত মাইক বন্ধ কৰিবলৈ পাহৰি থাকিল এজন মৌলবীয়ে। কিন্তু সেই মাইকত উৰে নিশা বাজি থাকিল মৌলবীৰ নাকৰ শব্দ। ফলত উজাগৰে নিশা কটাবলগীয়া হ’ল অঞ্চবাসীয়ে।

মৌলবীৰ এই কাণ্ড একাংশ লোকে ৰেকৰ্ডিং কৰি আপলোড কৰিলে ছ’চিয়েল মিডিয়াত। আৰু এই ভিডিঅ’ এতিয়া ব্যাপকভাৱে ভাইৰেল হৈ পৰিছে ছ’চিয়েল মিডিয়া প্লেটফৰ্মসমূহত।