বলিভিয়াৰ অন্তর্ৱর্তী ৰাষ্ট্রপতি আনেজে প্রতিদ্বন্দ্বিতা নকৰে নির্বাচনত

নিয়মীয়া বাৰ্তা ১৯ ছেপ্টেম্বৰঃ   লেটিন আমেৰিকান ৰাষ্ট্র বলিভিয়াৰ অন্তর্ৱর্তী ৰাষ্ট্রপতি জিনাইন আনেজে ১৮ অক্টোবৰত হ’বলগীয়া ৰাষ্ট্রপতি নির্বাচনৰ প্রতিদ্বন্দ্বিতাৰ পৰা নিজৰ নাম প্রত্যাহাৰ কৰাৰ লগে লগে দেশখনৰ ৰাজনীতিত পুনৰ সৃষ্টি হৈছে অস্থিৰতা৷ নেত্রীগৰাকীয়ে আজি উল্লেখ কৰিছে যে নির্বাচনত ভোট বিভাজন হোৱাটো তেওঁৰ নিবিচাৰে৷ ভোট বিভাজনৰ জৰিয়তে প্রাক্তন ৰাষ্ট্রপতি ইভ’ ম’ৰালেছৰ মাছ ছ’চিয়েলিষ্ট পার্টী পুনৰ ক্ষমতালৈ অহাৰ সম্ভাৱনা আছে বুলি উল্লেখ কৰিছে আনেজে৷ স্মর্তব্য যে প্রাক্ নির্বাচনী সমীক্ষাত মাছ ছ’চিয়েলিষ্ট পার্টীৰ প্রার্থী লুইছ আর্চ প্রথম স্থানত আছে৷ ইয়াৰ বিপৰীতে চতুর্থ স্থানত আছে আনেজ৷ যোৱা বছৰ দেশজুৰি হোৱা বিক্ষোভৰ সময়ত ম’ৰালেছে পদত্যাগ কৰি দেশখনৰ পৰা আঁতৰি গৈ আর্জেণ্টিনাত আশ্রয় লোৱাৰ পিছতে আনেজক অন্তর্ৱর্তী ৰাষ্ট্রপতি হিচাপে বাছনি কৰা হৈছিল৷ কিন্তু দেশখনত মাছ ছ’চিয়েলিষ্ট পার্টীৰ জনপ্রিয়তা অক্ষত থকা বুলি উল্লেখ কৰিছে ৰাজনৈতিক পর্যালোচকসকলে।