গাংগুলী-কোহলিৰ কাজিয়া

ভাৰতীয় ক্ৰিকেট দলৰ ভিতৰত কি আৰম্ভ হৈছে? বিচিচিআয়ে এদিনীয়া শৃংখলাৰ অধিনায়ক পদৰ পৰা বিৰাট কোহলিক আঁতৰোৱাৰ সিদ্ধান্ত আৰু তাৰ পাছতে টেষ্ট দলৰ অধিনায়কৰ পৰা বিৰাটে নিজে পদত্যাগ কৰাৰ আঁৰত আছে সৌৰভ গাংগুলী আৰু কোহলিৰ কাজিয়া। তাকে লৈ এইবাৰ মুখ মেলিছে পাকিস্তানৰ প্ৰাক্তন উইকেট কিপাৰ ৰছিদ লতিফে। ইউ টিউবৰ এটি ভিডিঅত এই কথা কলে লতিফে।

পাকিস্তানী ক্ৰিকেটাৰগৰাকীৰ মতে, তেওঁলোকে ৰাজহুৱাকৈ মুখ নুখুলিলেও ইয়াৰ আঁৰত আছে দুয়োৰে যুঁজ। এই যুঁজখনে কেৱল কোহলিকে নহয়, গোটেই ভাৰতীয় টীমটোক লক্ষ্যভ্ৰষ্ট কৰিব বুলিও তেওঁ সংশয় প্ৰকাশ কৰিছে। কোহলিক এদিনীয়া শৃংখলাৰ অধিনায়ক পদৰ পৰা আঁতৰোৱা কাৰ্যই কেৱল কোহলিকে প্ৰভাৱিত নকৰে, গোটেই ভাৰতীয় দলটোকে বিভ্ৰান্ত কৰা হৈছে বুলি সমালোচনা কৰিছে তেওঁ।