কৃষ্ণ সাগৰৰ ‘স্নেক আইলেণ্ড’ ইউক্রেইনক পুনৰ ওভতাই দিলে ৰাছিয়াই

নিয়মীয়া বাৰ্তা, ১জুলাইঃ ইউক্রেইন যুদ্ধৰ আৰম্ভণিতে ৰাছিয়াই দখল কৰা উত্তৰ–পশ্চিম কৃষ্ণ সাগৰত স্নেক আইলেণ্ড পুনৰ ইউক্রেইনক ওভতাই দিছে৷ মস্কো প্রশাসনে ঘোষণা কৰা অনুসৰি এক সদিচ্ছামূলক বার্তা হিচাপে স্নেক আইলেণ্ড পুনৰ ইউক্রেইনক ওভতাই দিয়া হৈছে৷ অৱশ্যে ইউক্রেইনে ৰুছ বাহিনীক এই দ্বীপটোৰ পৰা আঁতৰি যাবলৈ বাধ্য কৰোৱা বুলি দাবী কৰিছে৷

ইফালে, নাটো বাহিনীয়ে স্পেইনৰ ৰাজধানী মাদ্রিদত সন্মিলনৰ অন্তিম দিনাখন ৰাছিয়াক এক বৃহৎ ভাবুকি বুলি ঘোষণা কৰিছে৷ ইউক্রেইনক নাটোৱে বিভিন্ন ধৰণে সহায় কৰাৰ সংকল্পও লৈছে এই সন্মিলনত৷