ব্রাহ্ম’ছ ছুপাৰছ’নিক ক্ষেপণাস্ত্রৰ পৰীক্ষা নৌ সেনাৰ

নিয়মীয়া বাৰ্তা ১২ জানুৱাৰীঃ মঙলবাৰে ভাৰতীয় নৌ সেনাই আই এন এছ বিশাখাপট্টনমৰ পৰা প্রথমটো অত্যাধুনিক ব্রাহ্ম’ছ ছুপাৰছনিক ক্রুইজ ক্রেপণাস্ত্রৰ পৰীক্ষা চলায়৷ দেশৰ পশ্চিম প্রান্তৰ উপকূলৰ পৰা এই ক্ষেপণাস্ত্রটোৰ পৰীক্ষা চলোৱা হয়৷ প্রতিৰক্ষা গৱেষণা তথা উন্নয়ন সংস্থা (ডিআৰডি’)ৰ তৰফৰ পৰা এক বিবৃতিত সদৰী কৰা হৈছে এই তথ্য৷ উল্লেখনীয় যে নৌসেনাই প্রথমটো ব্রাহ্ম’ছ ক্ষেপণাস্ত্রৰ পৰীক্ষা চলাইছিল ২০২০ চনৰ অক্টোবৰ আৰু ডিচেম্বৰত৷ শেহতীয়া এই ক্ষেপণাস্ত্রটো অত্যাধুনিক বুলি ঘোষণা কৰিছে ডি আৰ ডি অ’য়ে৷ সমুদ্রৰ পৰা সমুদ্রলৈ নিক্ষেপ কৰা এই ক্ষেপণাস্ত্রটোৱে লক্ষ্যভেদ কৰিবলৈ সক্ষম হয়৷