ব্রাজিলৰ ছাম্বা কিংবদন্তি এলজাৰ দেহাৱসান

বর্ণবিদ্বেষবিৰোধী সংগীতেৰে খ্যাতি লাভ কৰিছিল

নিয়মীয়া বাৰ্তা ২২ জানুৱাৰীঃ লেটিন আমেৰিকান ৰাষ্ট্র ব্রাজিলৰ প্রখ্যাত গায়িকা তথা ছাম্বা কিংবদন্তি এলজা ছ’ৰেছৰ দেহাৱসান ঘটিছে৷ ব্রাজিলৰ সর্বকালৰ আটাইতকৈ জনপ্রিয় গায়িকাগৰাকীয়ে ৰিঅ’ ডি জেনেইৰো চহৰস্থিত বাসভৱনত শেষ নিশ্বাস ত্যাগ কৰে বুলি দেশখনৰ সংবাদ মাধ্যমে সদৰী কৰিছে৷ উল্লেখনীয় যে ব্রাজিলৰ ছাম্বা কুইন বুলিও বিশ্বজুৰি খ্যাতি লাভ কৰিছিল ছ’ৰেছে৷ ছাম্বা নৃত্যক বিভিন্ন দেশত জনপ্রিয় কৰি তুলিছিল গায়িকাগৰাকীয়ে৷ বিগত ৬টা দশকতকৈ অধিককাল ধৰি ব্রাজিলৰ সংগীতৰ ক্ষেত্রখনত শীর্ষস্থান দখল কৰি আছিল ছ’ৰেছে৷ ৩০টাতকৈ অধিক এলবাম মুকলি কৰা ছ’ৰেছে বিভিন্ন সময়ত বর্ণবিদ্বেষৰ বিৰুদ্ধেও সংগীত পৰিৱেশন কৰিছিল৷ বর্ণবৈষম্যৰ বিৰুদ্ধে ব্রাজিলত কৃষ্ণাংগসকলৰ অধিকাৰ প্রতিষ্ঠাৰ যুঁজখনকো বিশেষভাৱে আগবঢ়াই নিছিল এই ছাম্বা কুইনে৷ উল্লেখনীয় যে এটা দৰিদ্র পৰিয়ালত জন্মগ্রহণ কৰা ছ’ৰেছক পিতৃয়ে ১২ বছৰ বয়সতে বিয়া দিছিল৷ ২১ বছৰ বয়সতে প্রথম স্বামীৰ মৃত্যু হোৱাৰ পিছত ব্রাজিলৰ প্রখ্যাত ফুটবল তাৰকা গাৰিন্সাৰ সৈতে পুনৰ বিবাহপাশত আবদ্ধ হৈছিল ছ’ৰেছ৷