চীন–পাকিস্তানক মোদীৰ কঠোৰ বার্তা

ভৌগোলিক অখণ্ডতাক সন্মান কৰক

নিয়মীয়া বাৰ্তা ১১ নৱেম্বৰঃ ছাংহাই কর্প’ৰেচন অর্গেনাইজেচন (এছচি’)ৰ ভার্চুৱেল বৈঠকত প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে চীনৰ ৰাষ্ট্রপতি আৰু পাকিস্তানী প্রধানমন্ত্রীৰ সন্মুখতে দেশৰ অখণ্ডতাক লৈ কঠোৰ বার্তা প্রেৰণ কৰিলে৷ ভার্চুৱেল বৈঠকত অংশ লৈ প্রধানমন্ত্রী মোদীয়ে কয় যে এছচি’ৰ কার্যসূচীত দ্বিপাক্ষিক বিষয় অপ্রয়োজনীয়ভাৱে উত্থাপন কৰাটো দুর্ভাগ্যজনক৷ ই হৈছে এছচি’ চনদৰ উলংঘন আৰু এছচি’ৰ উদ্যমৰ উলংঘন৷ বৈঠকত অংশগ্রহণ কৰা চীনৰ ৰাষ্ট্রপতি ঝি জিনপিং আৰু পাকিস্তানৰ প্রধানমন্ত্রী ইমৰান খানৰ সন্মুখতে প্রধানমন্ত্রী মোদীয়ে দুই দেশলৈ কঠোৰ বার্তা প্রেৰণ কৰি কয়– এছচি’ দেশসমূহৰ সৈতে ভাৰতৰ শক্তিশালী সাংস্কৃতিক আৰু ঐতিহাসিক সম্পর্ক আছে৷ ভাৰতে বিশ্বাস কৰে যে দেশসমূহৰ মাজত যোগাযোগ বৃদ্ধি কৰিবলৈ হ’লে আমি প্রত্যেকেই ইখনে আনখন দেশৰ সার্বভৌমত্ব আৰু ভৌগলিক অখণ্ডতাক সন্মান জনাব লাগিব৷ অর্থাৎ সকলো সদস্য ৰাষ্ট্রই আনখন দেশৰ ভৌগলিক অখণ্ডতাক সন্মান জনোৱা উচিত৷ উল্লেখ্য যে যোৱা মে’ মাহৰ পৰা লাডাখৰ পূব প্রান্তৰ এলএচিত চীন আৰু ভাৰতীয় সেনাৰ মাজত উত্তেজনা চলি থকাৰ সময়ত প্রথমবাৰলৈকে প্রতিদ্বন্দ্বী চীনৰ ৰাষ্ট্রপতি জিনপিঙৰ মুখামুখি হৈছে প্রধানমন্ত্রী মোদী৷ ক’ভিড–১৯ মহামাৰীৰ বাবে ভ্রমণৰ প্রতিবন্ধকতা আৰু সুৰক্ষাৰ প্রতি লক্ষ্য ৰাখি ভার্চুৱেলযোগে এছচি’ৰ বৈঠক আয়োজন কৰা হৈছে৷ এই বৈঠকত ক’ৰোনা ভাইৰাছ মহামাৰীৰ বাবে অর্থনীতিৰ ওপৰত পৰা বিৰূপ প্রভাৱ আৰু সন্ত্রাসবাদৰ বর্ধিত ভাবুকিৰ ওপৰত আলোচনাক প্রাধান্য দিয়া হ’ব৷ এছচি’ৰ বৈঠকত প্রধানমন্ত্রী মোদীয়ে পৰোক্ষভাৱে চুবুৰীয়া ৰাষ্ট্র চীন আৰু পাকিস্তানে ভাৰতৰ সার্বভৌমত্ব আৰু ভৌগলিক অখণ্ডতাক লৈ চলাই থকা ষড়যন্ত্রক সকীয়নি দি ভৌগলিক অখণ্ডতাক আন দেশে সন্মান জনোৱা উচিত বুলি শক্তিশালী বার্তা দিয়ে৷ মন কৰিবলগীয়া যে এছচি’ হৈছে ৮ সদস্যযুক্ত এটি গোট৷ অর্থনৈতিক আৰু নিৰাপত্তাক লৈ গঠন কৰা বৃহত্তম আঞ্চলিক আন্তর্জাতিক সংগঠন এছচি’ত ২০১৭ চনত ভাৰত আৰু পাকিস্তান স্থায়ী সদস্য হয়৷ ২০১৭ চনৰ পৰাই প্রধানমন্ত্রী মোদীয়ে ভাৰতক বার্ষিক এছচি’ বৈঠকত প্রতিনিধিত্ব কৰি আহিছে৷ বর্তমান এছচি’ৰ অধ্যক্ষৰ পদত আছে ৰাছিয়া আৰু এই বৈঠকখন ৰাছিয়াৰ ৰাষ্ট্রপতি ভ্লাডিমিৰ পুটিনৰ অধ্যক্ষতাত অনুষ্ঠিত হৈছে৷ ভাৰত, চীন, পাকিস্তান, ৰাছিয়া কাজাখস্থান, কির্গিস্থান, তাজিকিস্থান আৰু উজবেকিস্থান হৈছে এছচি’ৰ স্থায়ী সদস্য৷ এইবেলি চাৰিখন দেশৰ মুৰব্বীয়ে নিৰীক্ষক দেশৰ মুৰব্বী হিচাপে বৈঠকত অংশ ল’ব৷ দেশকেইখন হৈছে ইৰান, আফগানিস্তান, বেলাৰুছ আৰু মংগোলীয়া৷ উল্লেখ্য যে যোৱা ছেপ্ঢেম্বৰ মাহত মস্কোত অনুষ্ঠিত এছচি’ৰ প্রতিৰক্ষা মন্ত্রী আৰু বৈদেশিক মন্ত্রীৰ বৈঠকত কেন্দ্রীয় মন্ত্রী ৰাজনাথ সিং আৰু বৈদেশিক মন্ত্রী এছ জয়শংকৰে অংশগ্রহণ কৰিছিল৷