ভেকচিন নোলোৱা বাবে ভৰিব লাগিব মাহিলী  জৰিমনা

সমগ্ৰ বিশ্বতে ক’ভিড অতিমাৰীৰ সন্ত্ৰাস অব্যাহত আছে। কোনো দেশে পৰিত্ৰাণ পোৱা নাই। ক’ভিডৰ সৈতে মোকাবিলা কৰিবলৈ দেশে দেশে ভেকচিনৰ কাৰ্যসূচী চলিছে। কিন্তু একাংশ লোকে ভেকচিন লোৱাৰ পৰা বিৰত আছে। চৰকাৰে নানা সজাগতা কাৰ্যসূচী লোৱাৰ পাছতো সকলোকে ভেকচিন কাৰ্যসূচীত সাঙুৰিব পৰা নাই। যাৰ বাবে কঠোৰ হ’বলগীয়া হৈছে চৰকাৰ। এইবাৰ ৬০ বছৰৰ উৰ্ধ্বৰ যিসকল নাগৰিকে ভেকচিন লোৱা নাই তেওঁলোকে মাহিলী হিচাপত ভৰিব লাগিব জৰিমনা। এই নিৰ্দেশনা জাৰি হ’ল গ্ৰীচত। দেশখনত ৬০ উৰ্ধ্বৰ লোকৰ ক্ষেত্ৰত ক’ভিডৰ সংক্ৰমণ গুৰুতৰ দেখিয়ে এই পদক্ষেপ ল’বলৈ বাধ্য হৈছে বুলি প্ৰকাশ কৰিছে চৰকাৰে। জৰিমনাতকৈ তেওঁলোকৰ জীৱন বেছি মূল্যৱান বুলি দোহাৰি উপায়ন্তৰ হৈ চৰকাৰে এনে পদক্ষেপ লৈছে বুলি প্ৰকাশ।