অৰুণাচলত চীন-ভাৰতৰ চাইবাৰ যুদ্ধ আৰম্ভ

নিয়মীয়া বাৰ্তা, ১ জুলাইঃ ভাৰতত চীনৰ ৫৯টাকৈ এপছ নিষিদ্ধ কৰাৰ পাছত প্ৰতিৱেশী ৰাষ্ট্ৰ দুখনৰ চাইবাৰ যুদ্ধলৈ পৰ্যবসিত হৈছে। একমাত্ৰ চাইবাৰ যুদ্ধই নহয়, ভাৰতীয় চোৰাংচোৱা সংস্থা আৰু বহু ভাৰতীয় ‘হাম’এ ধৰা পেলাইছে চীন-ভাৰতৰ সীমান্তৰ হামৰ উপস্থিতি। উল্লেখ্য যে ম’বাইল ফোনৰ পূৰ্বে এমেচাৰ ৰেডিঅ’ একাংশ লোকৰ মাজত যোগাযোগৰ মাধ্যম আছিল,যি ব্যৱস্থা এতিয়াও বহু লোকে হবী হিচাপে ব্যৱহাৰ কৰি আহিছে। মোবাইল নেটবৰ্কে ঢুকি নোপোৱা স্থানৰ এণ্টেনা ছিগনেল পালে এমেছাৰ ৰেডিঅ’ৰ দ্বাৰা যোগাযোগ সম্ভৱ।

আনহাতে এমেচাৰ ৰেডিঅ’ত সাংকেতিক মৰ্চ কোডত বাৰ্তা আদান-প্ৰদান কৰা হোৱা বাবে তাক উদ্ধাৰ কৰা সাধাৰণ লোকৰ বাবে সম্ভৱ নহয়। এমেচাৰ ৰেডিঅ’ ব্য়ৱহাৰকাৰীসকলক হাম বুলি কোৱা হয়। ভাৰতত হাম হ’বলৈ তথ্য-প্ৰযুক্তি আৰু দূৰসংযোগ মন্ত্ৰালয়ৰ পৰা এখন লাইচেঞ্চ দিয়া হয়। এই লাইচেঞ্চৰ বাবে হামজনে লিখিত পৰীক্ষাত উত্তীৰ্ণ হোৱাটো নিয়ম। উল্লেখ্য যে লাডাখৰ চীন-ভাৰত সেনাৰ সীমান্ত সংঘাতৰ সময়ত আৰু ইয়াৰ বহু পূৰ্বৰ পৰাই সীমান্তত চীনৰ হাম সঘন ধৰা পৰি আহিছে বুলি শেহতীয়াকৈ প্ৰকাশ পাইছে বিভিন্ন মাধ্যমত।

যিহেতু এটা বিশেষ ফ্ৰিকুৱেঞ্চীত হামৰ মাজত যোগাযোগ স্থাপন হয় সেয়ে উক্ত ফ্ৰিকুৱেঞ্চীত সক্ৰিয় হৈ থকা হামে যদি জি পি এছ ব্যৱহাৰ কৰে তেন্তে গুগল আৰ্থৰ ৰেডিঅ’লাইনৰ যোগেদি তেনে হামৰ অবস্থিতিৰ স্থান নিৰ্ধাৰণ কৰাটো সহজ হৈ পৰে। এনে প্ৰযুক্তিৰ পৰাই ভাৰত-চীন সীমান্ত অঞ্চলত বহু চীনৰ হামৰ উপস্থিতি ধাৰাবাহিকভাৱে ধৰা পৰা আহিছে। সাধাৰণতে ফ্ৰিকুৱেঞ্চীত অহা সকলো হামৰ লাইচেঞ্চৰ সকলো তথ্য লাভ কৰিব পাৰি যদিও চীনৰ হামৰ লাইচেঞ্চৰ তথ্য গোপনে ৰখা হয়। উল্লেখ্য যে চীনৰ সেনা-বাহিনী পি এল এৰ বহু বিষয়াই এমেচাৰ ৰেডিঅ’ ব্যৱহাৰ কৰে। সীমান্তত উপস্থিতি ধৰা পৰা তেনে হাম পি এল এৰ বিষয়া হোৱাটো নিতান্তই স্বাভাৱিক। উল্লেখ্য যে অৰুণাচল প্ৰদেশৰ ভাৰত-চীন সীমান্ত আৰু উত্তৰাখণ্ডৰ পাহাৰীয়া সীমান্তত এনে হামৰ সঘন উপস্থিতি পৰিলক্ষিত হয় বুলি প্ৰকাশ পাইছে।

সাধাৰণ ৰোগী এজনো হাম হ’ব পাৰে। তেনে ব্যক্তিকো সীমান্তলৈ প্ৰেৰণ কৰি তথ্য সংগ্ৰহ কৰাৰ সম্ভাৱনা নুই কৰিব নোৱাৰি। উল্লেখ্য যে হামে এনেদৰে ভাৰত-চীন সীমান্তত আহ-যাহ কৰাটো বহু ব্যক্তিগত এমেচাৰ ৰেডিঅ’ ব্যৱহাৰকাৰী লোকেও পূৰ্বৰে পৰা ধৰা পেলাই আহিছিল বুলি এতিয়া প্ৰকাশ পাইছে। হামৰ সীমান্তত উপস্থিতি বিষয়টোৱে চীনে কিদৰে বিভিন্ন মাধ্যমৰ জড়িয়তে ভাৰতৰ তথ্য আহৰণৰ কৌশল অৱলম্বন কৰি আহিছে তাক উন্মোচিত কৰি তুলিছে। ইফালে চীনৰ চিচুৱান প্ৰদেশৰ চেংণ্ডু নামৰ চহৰখন এতিয়া চাইবাৰ হেকাৰ গ্ৰুপৰ ঘাটি হিচাপে বিশ্বজুৰি পৰিচিত হৈ পৰিছে।

এই চেংণ্ডু চহৰতেই পি এল এৰ ৬১৩৯নং ইউনিটৰ হেড কোৱাৰ্টাৰ অবস্থিত। পূৰ্বতে ইউৰোপ, আমেৰিকা আদিৰ হেকাৰ গ্ৰুপ বিখ্যাত আছিল যদিও এতিয়া চেংণ্ডু হেকাৰসমূহ বিশ্বজুৰি ভাৰাতীয়া হিচাপে ব্যৱহাৰ হৈ আহিছে। পি এল এৰ চেংণ্ডুৰ এনে ভাৰাতীয় হেকাৰ গ্ৰুপক ভাৰতত চাইবাৰ হেকিং অপাৰেচনত ব্যৱহাৰ কৰাৰ তথ্য পোহৰলৈ আহিছে। ইয়াৰ পৰিপ্ৰেক্ষিততে ভাৰতে চীনৰ বিৰুদ্ধে আৰম্ভ কৰা চাইবাৰ যুদ্ধ। ভাৰতত চীনৰ ৫৯টা এপছ নিষিদ্ধ কৰাৰ পাছত এই চাইবাৰ যুদ্ধ এক বিশেষ পৰ্যায়ত উপনীত হৈছে।

Featured