আজি ধুমুহা জাৱাদে সৃষ্টি কৰিব তাণ্ডৱ

নিয়মীয়া বাৰ্তা ৪ ডিচেম্বৰঃ  আগন্তুক ১২ ঘণ্টাৰ ভিতৰত বংগোপসাগৰৰ উপকূলত তাণ্ডৱ সৃষ্টি কৰিব ঘূর্ণী ধুমুহা জাৱাদে৷ সামুদ্রিক ধুমুহা জাৱাদে কাইলৈ পুৱাৰ ভাগতে উত্তৰ অন্ধ্রপ্রদেশ আৰু ওড়িশাৰ উপকূলৰ বিভিন্ন স্থানত আঘাত কৰিছে৷ বতৰ বিজ্ঞান বিভাগে সদৰী কৰা অনুসৰি বংগোপসাগৰত সৃষ্টি হোৱা গভীৰ নিম্ন চাপৰ বাবেই সামুদ্রিক ধুমুহা জাহাদে সৃষ্টি কৰিব পাৰে তাণ্ডৱ৷ ঘটনাত ৮০ৰ পৰা ১০০ কিলোমিটাৰ গতিবেগেৰে এই ধুমুহা আৰু মূষলধাৰ বৃষ্টিপাতে পশ্চিমবংগৰো উপকূলীয় জিলাসমূহত তাণ্ডৱ সৃষ্টি কৰিব পাৰে বুলি বতৰ বিজ্ঞান বিভাগে সতর্কবাণী কৰিছে৷

লক্ষণীয়ভাৱে আনন্দমান দ্বীপপুঞ্জৰ পৰা কিছু দূৰৈত সৃষ্টি হোৱা নিম্নচাপ বলয় কালি গভীৰ নিম্নচাপত পৰিণত হয়৷ বিগত ৬ ঘণ্টাত সেয়া গড়ে ৩২ কিলোমিটাৰ গতিবেগেৰে পূব উপকূলৰ দিশে আগবাঢ়ি আহিছে৷ আজি পুৱাৰ ভাগত গভীৰ নিম্নচাপৰ অৱস্থান আছিল বংগোপসাগৰৰ গভীৰত৷ অন্ধ্রপ্রদেশৰ বিশাখাপট্টনমৰ পৰা ৫৮০ কিলোমিটাৰ দক্ষিণ আৰু দক্ষিণ পূবত, ওড়িশাৰ গোপালপুৰ সমুদ্র তীৰৰ পৰা ৬৭০ কিলোমিটাৰ দক্ষিণ আৰু দক্ষিণ পূবৰ লগতে ওড়িশাৰ পাৰাদ্বীপ বন্দৰৰ পৰা ৭৬০ কিলোমিটাৰ দক্ষিণ আৰু দক্ষিণ–পশ্চিমত আছিল এই গভীৰ নিম্নচাপ৷ জাৱাদে কাইলৈৰ পৰা সোমবাৰ পর্যন্ত কলকাতাসহ দক্ষিণ বংগলৈ ধুমুহা আৰু মূষলধাৰ বৃষ্টিপাত কঢ়িয়াই আনিব পাৰে৷ লক্ষণীয়ভাৱে কেন্দ্রীয় চৰকাৰে তিনিওখন ৰাজ্যত জাৱাদৰে মোকাবিলা কৰিবলৈ বিভিন্ন বাহিনীক সষ্টম কৰি ৰাখিছে৷