নিয়মীয়া বাৰ্তা, ২৭ এপ্রিলঃ লালকিল্লাত গণৰাজ্য দিৱসত প্রতিবাদী কৃষকৰ সংঘর্ষত উচটনি দিয়াৰ গোচৰত গ্রেপ্তাৰ হোৱা পঞ্জাবৰ অভিনেতা তথা গায়ক দীপ সিদ্ধুৰ জামিন মঞ্জুৰ কৰিছে দিল্লীৰ এখন আদালতে৷
উল্লেখনীয় যে লালকিল্লাত সংঘটিত সংঘর্ষৰ ঘটনাত ঐতিহাসিক প্রাসাদটোৰ কিছু ক্ষতিসাধন হৈছিল৷ এই ঐতিহাসিক প্রাসাদটো হৈছে দেশৰ সাংস্কৃতিক ঐতিহ্যৰ এক অংশ৷ গতিকে এই ঘটনা সন্দর্ভত গোচৰ তৰিছিল ভাৰতৰ পুৰাতাত্ত্বিক জৰীপ বিভাগে৷ আজি দিল্লীত মেট্র’পলিটান দণ্ডাধীশ ছাহিল গুপ্তাই ২৫ হাজাৰ টকাৰ ব্যক্তিগত জামিনত লৈ দীপ সিদ্ধুৰ জামিন মঞ্জুৰ কৰিছে৷
ইফালে, গোচৰটোৰ তদন্ত প্রক্রিয়াত সিদ্ধুক সকলো ধৰণৰ সহযোগিতা আগবঢ়াবলৈ নির্দেশো দিছে আদালতখনে৷ স্মর্তব্য যে দিল্লী আৰক্ষীয়ে ১৭ এপ্রিলত সিদ্ধুক গ্রেপ্তাৰ কৰিছিল৷ প্রথম গোচৰত সিদ্ধুক ৯ ফেব্রুৱাৰীত গ্রেপ্তাৰ কৰা হৈছিল৷
গণৰাজ্য দিৱসৰ দিনা কৃষকৰ ট্রেক্টৰ সমদল লালকিল্লা অভিমুখে উলিওৱাৰ ক্ষেত্রত সিদ্ধুকে ধৰি বিভিন্নজনে উচটনি দিয়াৰ অভিযোগ আনিছিল দিল্লী আৰক্ষীয়ে৷ এই গোচৰটোত বহু প্রতিবাদী কৃষককো গ্রেপ্তাৰ কৰিছে দিল্লী আৰক্ষীয়ে৷