নিয়মীয়া বাৰ্তা ২১ জানুৱাৰীঃ ‘কা’ আন্দোলনৰ সময়ত দেশৰ ৰাজধানী নতুন দিল্লীত ২০২০ বর্ষৰ ফেব্রুৱাৰীত সংঘটিত সংঘর্ষত গৃহত অগ্ণিসংযোগ কৰাৰ অপৰাধত দীনেশ যাদৱ নামৰ এজন লোকক বৃহস্পতিবাৰে দিল্লীৰ কাৰকাৰডুমা আদালতে ৫ বছৰৰ কাৰাদণ্ড বিহে৷ উক্ত গোচৰ সন্দর্ভত প্রথমজন ব্যক্তি হিচাপে দীনেশ যাদৱক আদালতে কাৰাদণ্ড বিহিছে৷ উল্লেখ্য যে যোৱা বর্ষৰ ৬ ডিচেম্বৰত অতিৰিক্ত সত্র ন্যায়াধীশ বীৰেন্দৰ ভাটে দিল্লী সংঘর্ষৰ সময়ত গৃহত অগ্ণিসংযোগত জড়িতৰ অপৰাধত দীনেশ যাদৱক দোষী সাব্যস্ত কৰিছিল৷ সেই ৰায়ৰ পিছতে আজি কাৰকাৰডুমা আদালতে দীনেশ যাদৱক ৫ বছৰৰ কাৰাদণ্ড বিহাৰ লগতে ১২ হাজাৰ টকা জৰিমনা দিবলৈ নির্দেশ দিছে৷ দিল্লী সংঘর্ষ সংঘটিত কৰাত অন্যতম সক্রিয় হিচাপে দীনেশ যাদৱৰ নাম অভিযোগনামাত উল্লেখ আছে৷ মন কৰিবলগীয়া যে ২০২০ চনৰ ২৫ ফেব্রুৱাৰীৰ নিশা যাদৱে একাংশ লোকৰ সৈতে মিলিত হৈ মানৰি নামৰ ৭৩ বছৰীয়া বৃদ্ধ মহিলাৰ বাসগৃহত অগ্ণিসংযোগ কৰিছিল৷ অগ্ণিসংযোগ কৰাই নহয়, গৃহত লুটপাতো চলাইছিল যাদৱৰ নেতৃত্বত ১৫০–২০০জনীয়া দলে৷ এই ঘটনাৰ তদন্ত চলাই দিল্লী আৰক্ষীয়ে উক্ত বর্ষৰে ৮ জুনত ২৫ বছৰীয়া যাদৱক গ্রেপ্তাৰ কৰিছিল আৰু ২০২১ চনৰ ৩ আগষ্টত যাদৱৰ বিৰুদ্ধে অভিযোগনামা দাখিল কৰিছিল৷