কৰ্কট ৰোগৰ ‘সঞ্জীৱনী’ৰ সন্ধান পাইছে গৱেষকে, মাৰাত্মক ৰোগবিধৰ ইতিহাসত প্রথম যাদু, দাম কিমান জানেনে

বিশেষ বাৰ্তা, ৮ জুনঃ কেন্সাৰ মানেই মৃত্যু। আজিকালি এই আশংকা সামান্য কমিছে। কিন্তু কেন্সাৰৰ বিৰুদ্ধে যুঁজ দিয়া কিমান কঠিন, সেয়া কাৰো বাবে অজানা কথা নহয়। এইবাৰ কেন্সাৰৰ বিৰুদ্ধে যুঁজৰ চকা ঘূৰি যাব পাৰে। বিজ্ঞানীসকলে কৰ্কট ৰোগৰ ‘সঞ্জীৱনী’ৰ সন্ধান পাইছে। এটা নতুন দৰৱৰ পৰীক্ষামূলক প্রয়োগৰ পাছত তেনেই আশা দেখিছে একাংশ গৱেষকে। দৰৱটোৰ নাম ‘ডষ্টাৰলিমেব’।

আমেৰিকাৰ এটা পৰীক্ষাগাৰত প্রস্তুত কৰা তেনে এটা ঔষধেই সেই যাদু কৰিব পাৰে। মানৱ দেহত উৎপন্ন এন্টিবডীৰ বিকল্প হিচাপে কাম কৰিব পাৰে। পৰীক্ষামূলকভাবে ছমাহ ধৰি মলদ্বাৰত হোৱা ১৮ জন কেন্সাৰ আক্রান্ত ৰোগীৰ দেহত এই ঔষধটোৰ প্রয়োগ কৰিছে গৱেষকে। পৰীক্ষাৰ শেষত দেখা গৈছে প্রতিজন ৰোগীৰ দেহৰ পৰা সম্পূৰ্ণকৈ নিশ্চিহ্ন হৈছে কেন্সাৰ। নিউয়র্কৰ স্লোয়ান কেটেৰিং কেন্সাৰ চেন্টাৰৰ চিকিৎসকসকলে কৈছে, কোনো ঔষধৰ পৰীক্ষামূলক প্রয়োগত আটাইকেইজন ৰোগীয়েই সম্পূৰ্ণ আৰোগ্য হোৱা ঘটনা কেন্সাৰৰ ইতিহাসত এয়াই প্রথম। একেই মতামত পোষণ কৰিছে কেলিফর্নিয়া বিশ্ববিদ্যালয়ৰ গৱেষকসকলেও।

Dosterlimabৰ দামৰ কথা ক’বলৈ গ’লে আমেৰিকাত ৫০০ এমজিৰ দাম ১১ হাজাৰ ডলাৰ অৰ্থাং প্ৰায় ৮,৫৪,৮৫৯ টকা। অৱশ্যে ইয়াক ৰেহাই মূল্যত উপলব্ধ কৰাৰ কথা কোৱা হৈছে। এই ঔষধ প্ৰতি বছৰে ১০০ জন ৰোগীক দিয়া হয়। এই ঔষধৰ উদ্দেশ্য হৈছে ৰোগীক কেমোথেৰাপি আৰু লেজাৰ থেৰাপীৰ পৰা ৰক্ষা কৰা।