ক’ভিডে ভাৰতৰ ১,১৯,০০০ শিশুৰ পিতৃ–মাতৃৰ প্রাণ কাঢ়িছে

নিয়মীয়া বাৰ্তা ২২ জুলাইঃ ক’ভিড মহামাৰীৰ প্রথম ১৪ মাহত বিশ্বৰ ২১খন দেশৰ ১৫ লাখ শিশু প্রাপ্য যতনৰ পৰা বঞ্চিত হ’বলগীয়া হৈছে৷ অর্থাৎ প্রাথমিকভাৱে শিশুসকলে যি সেৱা তথা যত্ন লাভ কৰিব লাগে, মহামাৰীয়ে তাক কাঢ়ি লৈছে৷ ভাৰতত ১ লাখ ১৯ হাজাৰ শিশু এই ধৰণৰ সেৱাৰ পৰা বঞ্চিত হ’বলগীয়া হৈছে ক’ভিড মহামাৰীৰ প্রথম ১৪ মাহত৷ লক্ষণীয়ভাৱে দক্ষিণ আফ্রিকা, পেৰু, আমেৰিকা, ব্রাজিল, মেক্সিকো আদি দেশত মহামাৰীৰ সময়ছোৱাত শিশুসকল অধিক সংকটৰ সন্মুখীন হ’বলগীয়া হৈছে৷

শেহতীয়াকৈ লেনচেট নামৰ জার্নালখনত প্রকাশ পাইছে নেচনেল ইনষ্টিটিউট অৱ হেল্থে চলোৱা এক অধ্যয়নৰ প্রতিবেদনত৷ প্রতিবেদন অনুসৰি ভাৰতত ২৫,৫০০ শিশুৱে ক’ভিড–১৯ত মাতৃক হেৰুওৱাৰ বিপৰীতে ৯০,৭৫১গৰাকীয়ে পিতৃক হেৰুৱাইছে৷ ইফালে, অনাথ হৈছে ১২টা শিশু৷