টেলিভিছন চেনেলৰ বিতর্কই পৰিৱেশ প্রদূষিত কৰিছে

নিয়মীয়া বাৰ্তা, ১৮ নৱেম্বৰঃ দিল্লীত অব্যাহত থকা ভয়াৱহ বায়ু প্রদূষণক লৈ ৰাষ্ট্রীয় সংবাদ মাধ্যমসমূহে ভুল বাতৰি পৰিৱেশন কৰিছে৷ আন উৎসৱতকৈ টেলিভিছন চেনেলৰ বিতর্কইহে পৰিৱেশ অধিক প্রদূষিত কৰিছে৷ বায়ু প্রদূষণে ৰাজধানী চহৰখনৰ পৰিৱেশ বিষাক্ত কৰি তোলাৰ সময়তে দেশৰ উচ্চতম ন্যায়ালয়ে বুধবাৰে একাংশ সংবাদ মাধ্যমৰ বিৰুদ্ধে এইদৰে ক্ষোভ উজাৰে৷

মুখ্য ন্যায়াধীশ এন ভি ৰমণে কয় যে পঞ্চতাৰকা হোটেলত থকাসকলে দিল্লীৰ প্রদূষণৰ বাবে কৃষকসকলক জগৰীয়া কৰিছে৷ কিন্তু আমি তেওঁলোকৰ বিৰুদ্ধে শাস্তি আৰোপ কৰিব নিবিচাৰোঁ৷ আমি ইতিমধ্যে কেন্দ্রক আহ্বান জনাইছোঁ যে তেওঁলোকে দিল্লী আৰু নিকটৱর্তী অঞ্চলৰ কৃষকসকলক অতিকমেও এসপ্তাহ ধান খেৰ পুৰাৰ পৰা বিৰত থাকিবলৈ অনুৰোধ জনাওক৷ সকলো পক্ষই নিজৰ নিজৰ এজেণ্ডাৰ মাত মাতিছে৷ বিশেষকৈ নিউজ চেনেলসমূহে আন উৎসতকৈ অধিক প্রদূষণ সৃষ্টি কৰিছে৷ আমি এই মুহূর্তত সমস্যাৰ সমাধানৰ বাবে কাম কৰা উচিত৷

উল্লেখ্য যে দিল্লীত বিগত প্রায় ১০ দিন ধৰি অব্যাহত থকা শোচনীয় বায়ু প্রদূষণে ৰাজধানী চহৰখনত জনজীৱন স্তব্ধ কৰি দিছে৷ দিল্লী চৰকাৰে স্কুল–কলেজ অনির্দিষ্টকাললৈ বন্ধ কৰি দিয়াৰ লগতে চৰকাৰী কর্মচাৰীসকলক ঘৰৰ পৰা কাম কৰাৰ নির্দেশ দিছে৷ একেদৰে জনসাধাৰণক ব্যক্তিগত বাহনৰ সলনি ৰাজহুৱা পৰিবহণ ব্যৱস্থা ব্যৱহাৰ কৰিবলৈ অনুৰোধ জনাইছে৷