আনকি স্বামী-স্ত্ৰীও একেলগে বহিব নোৱাৰিব ৰেষ্টুৰেণ্টত… ‘জালিম’ তালিবানৰ এটাৰ পাছত আনটো নিষেধাজ্ঞা

বিশেষ বাৰ্তা, ১৩ মেঃ তালিবানৰ শাসনে আফগানিস্তানৰ ৰেহ-ৰূপ সলনি কৰিছে। বিভিন্ন নিষেধাজ্ঞাৰ সন্মুখীন হোৱা মহিলাসকলক এইবাৰ ৰেষ্টুৰেণ্টলৈ যোৱাত নিষেধাজ্ঞা আৰোপ কৰা হৈছে। তালিবানে মহিলা আৰু পুৰুষক ৰেষ্টুৰেণ্টত একেলগে বহাতো নিষেধাজ্ঞা আৰোপ কৰিছে। আফগানিস্তানৰ তৃতীয় বৃহত্তম চহৰ হেৰাটত মহিলাসকলক ড্ৰাইভিং লাইচেন্স প্ৰদান কৰাত নিষেধাজ্ঞা আৰোপ কৰা হৈছিল আৰু তেওঁলোকৰ সমগ্ৰ শৰীৰ ঢাকিবলৈ কোৱা হৈছিল। হেৰাটত তালিবানৰ এখন কাৰাগাৰো আছে য’ত মহিলাসকলক পুৰুষ সংগী নোহোৱাকৈ টেক্সিত বহাৰ বাবে বিনা বিচাৰত কাৰাগাৰত বন্দী কৰা হয়, স্কুলীয়া ছাত্ৰীয়ে পুৰুষ সহপাঠীৰ সৈতে ফটোত প’জ দিয়াৰ বাবে শাস্তি প্ৰদান কৰা হয়…। মুঠতে আফগানিস্তানত মানৱ অধিকাৰ আৰু মহিলাৰ অধিকাৰ মুকলিকৈ উলংঘা কৰা হৈছে। নতুন নিৰ্দেশ নিশ্চিত কৰি তালিবানৰ এজন বিষয়াই কয় যে ৰেষ্টুৰেণ্টত মহিলা আৰু পুৰুষক পৃথকে পৃথকে বহিবলৈ কোৱা হৈছে। ৰেষ্টুৰেণ্টৰ মালিকসকলক মৌখিকভাৱে সকীয়াই দিয়া হৈছে ‘তেওঁলোক স্বামী-স্ত্ৰী হওক বা নহওক’, এই নিয়ম সকলোৰে বাবে প্ৰযোজ্য। মহিলা আৰু পুৰুষসকলে বেলেগ বেলেগ দিনতহে উদ্যানলৈ যাব পাৰিব। বৃহস্পতিবাৰ, শুকুৰবাৰ আৰু শনিবাৰে মহিলাসকলক উদ্যানসমূহলৈ যাবলৈ কোৱা হৈছে। আন দিনবোৰত পুৰুষে পাৰ্কবোৰলৈ যাব পাৰে।