এতিয়াৰে পৰা ক’ভিড আক্ৰান্তক চিনাক্ত কৰিব কুকুৰে

নিয়মীয়া বাৰ্তা ২৫ ছেপ্টেম্বৰঃ  ক’ভিড আক্ৰান্তৰ চিনাক্তকৰণৰ বাবে কুকুৰ । ফিনলেণ্ডত আৰম্ভ হৈছে ক’ভিড চিনাক্তকৰণৰ অভিনৱ প্ৰক্ৰিয়া। চাৰি মাহ গৱেষণা আৰু প্ৰশিক্ষণৰ অন্তত ক’ভিড আক্ৰান্তক শুঙি চিনাক্ত কৰিব পৰাকৈ প্ৰশিক্ষত কৰি তুলিছে কুকুৰক।

ফিনলেণ্ড চৰকাৰৰ কৰ্তৃপক্ষৰ দ্বাৰা চাৰিটা ভিন্ন প্ৰজাতিৰ কুকুৰ আনি দেশখনৰে স্মেল ডিক্টেশ্বনত প্ৰশিক্ষণ দি ইতিমধ্যে আৰম্ভ কৰিছে ক’ভিড চিনাক্ত কৰণৰ প্ৰক্ৰিয়া। কুকুৰৰ শৰীৰত থকা অত্যধিক ঘ্ৰাণ শক্তিৰ ব্যৱহাৰ কৰি এই প্ৰক্ৰিয়া আৰম্ভ কৰা হৈছে। ফিনলেণ্ডৰ হেলছিংকি বিমানবন্দৰতো কুকুৰে শুঙি চিনাক্ত কৰিছে ক’ভিড আক্ৰান্তক।

ফিনলেণ্ডৰ পিছত এতিয়া অষ্ট্ৰেলিয়া, ফ্ৰান্স, জাৰ্মানী আৰু আমেৰিকাতো কৰোনা আক্ৰান্তক বিকল্প ব্যৱস্থা হিচাপে কুকুৰক ব্যৱহাৰ কৰাৰ কথা চিন্তা চৰ্চা কৰিছে।