ফিট ভাৰত হ’বগৈ হিট ভাৰত’

ফিট ইণ্ডিয়া মুভমেণ্টৰ প্রথম বার্ষিকীত মোদী

নিয়মীয়া বাৰ্তা ২৫ ছেপ্টেম্বৰঃ  ফিট ইণ্ডিয়া মুভমেণ্টৰ প্রথম বার্ষিকী উপলক্ষে অনলাইন ফিট ইণ্ডিয়া ডায়লগ ২০০০ত অংশ ল’লে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে৷ দেশৰ ভিন্ন প্রান্তৰ বিভিন্ন ক্ষেত্রৰ প্রসিদ্ধ খেলুৱৈ–ফিটনেছ বিশেষজ্ঞৰে বার্তালাপ কৰে প্রধানমন্ত্রীগৰাকীয়ে বার্তালাপৰ পূর্বে প্রধানমন্ত্রীগৰাকীয়ে ‘ফিট ইণ্ডিয়া এজ এপ্র’প্রিয়েট ফিটনেছ প্রট’কলছ’ মুকলি কৰে৷ অনলাইন ফিট ইণ্ডিয়া ডায়লগৰ সময়ত প্রধানমন্ত্রীগৰাকীয়্ সুস্থ জীৱনৰ মূল্য সম্পর্কে তেওঁৰ ধাৰণাক লৈ ভিডি’ বিনিময় কৰে৷ টুইটাৰত প্রধানমন্ত্রীগৰাকীয়্ তেওঁৰ সুস্থ জীৱনক লৈ ধাৰণাৰ ওপৰত ভিডি’ আপলোড কৰি দেশবাসীক সুস্থ হৈ থাকিবলৈ কর্মক প্রাধান্য দিবলৈ আহ্বান জনায়৷ প্রতিগৰাকী লোকক ফিটনেছ কার্যকলাপৰ বাবে প্রতিদিনে অতি কমেও আধা ঘণ্টা অর্থাৎ ‘ফিটনেছ কী দোজ, আধা ঘণ্টা ৰোজ’ৰ ওপৰত গুৰুত্ব দিবলৈ প্রধানমন্ত্রীগৰাকীয়্ আহ্বান জনায়৷ প্রতিগৰাকী ভাৰতীয়ক কিবা নহয় কিবা খেল, কিবা ফিটনেছ কার্যকলাপ কৰিবলৈও আহ্বান জনাই প্রধানমন্ত্রীগৰাকীয়্ এইক্ষেত্রত টেনিছ, বেডমিণ্টন কাবাদী প্রতিদিনে খেলাৰ ওপৰত গুৰুত্ব দিয়ে৷ পৰিয়ালক একেলগে থকাৰ আৱশ্যকতাৰ ওপৰত প্রাধান্য দি প্রধানমন্ত্রীগৰাকীয়্ কয় যে পৰিয়ালে একেলগে খেলক, একেলগে থাকক৷ আনপিনে, যিমানেই অধিক লোক ফিট ইণ্ডিয়া মুভমেণ্টত অংশ ল’ব, সিমানেই অধিক ‘ফিট’ হ’ব ভাৰত আৰু ই হ’বগৈ অধিক ‘হিট’ ভাৰত বুলি কয় প্রধানমন্ত্রীগৰাকীয়্৷ কার্যসূচীত প্রধানমন্ত্রী মোদীয়ে ভাৰতীয় ক্রিকেট দলৰ অধিনায়ক বিৰাট কোহলি, মডেল অভিনেতা তথা দৌৰবিদ মিলিন্দ সুমন, পুষ্টিকৰবিদ ৰুজুতা ডিৱেকাৰ, পেৰালিম্পিক জেভলিন সোণৰ পদক বিজয়ী দেৱেন্দ্র ঝাজাৰীয়া, জম্মু–কাশ্মীৰৰ ফুটবল খেলুৱৈ আস্ফান আছিককে ধৰি কেইবাগৰাকীও বিশিষ্ট লোকৰ সৈতে বার্তালাপ কৰি প্রধানমন্ত্রীগৰাকীয়্ সুস্বাস্থ্যৰ বাবে ফিট ইণ্ডিয়া মুভমেণ্টৰ প্রাসংগিকতাক সজোৰে উত্থাপন কৰে৷ বিৰাট কোহলিৰ সৈতে শাৰীৰিক সক্ষমতাৰ কথা আলোচনা কৰাৰ সময়ত প্রধানমন্ত্রীগৰাকীয়্ দিল্লীৰ ছোলে ভোতুৰে সন্দর্ভতো ক্রিকেটাৰগৰাকীৰ সৈতে মত বিনিময় কৰে৷ বর্তমান আই পি এলৰ বাবে ডুবাইত থকা ক্রিকেটাৰ কোহলিয়ে ভিডি’ কনফাৰেঞ্চযোগে প্রধানমন্ত্রীগৰাকীৰ্ সৈতে বার্তালাপ কৰি ফিটনেছৰ বাবে তেওঁ সুষম আহাৰ গ্রহণ কৰা সন্দর্ভত অভিজ্ঞতা প্রকাশ কৰে৷ ক্রিকেটাৰগৰাকীয়ে কয় যে অনুশীলন বঞ্চিত হ’লে তেওঁ বেছি অনুভৱ নকৰে৷ কিন্তু ফিটনেছ ছেছনৰ পৰা বঞ্চিত হ’লে তেওঁ দুখ অনুভৱ কৰে৷ এই প্রসংগতে প্রধানমন্ত্রীগৰাকীয়্ ব্যংগ কৰি কয়– এই ফিটনেছ মন্ত্রৰ বাবেই দিল্লীৰ ছোলে ভোতুৰেৰ বৃহৎ ক্ষতি হৈছে৷ আনপিনে মিলিন্দ সুমন, ঝাজাৰীয়া আৰু আছিকে শাৰীৰিক সক্ষমতা বর্তাই ৰাখিবলৈ অধিক পৰিশ্রম কৰিব লাগে বুলি নিজৰ মত ব্যক্ত কৰে৷ প্রখ্যাত পুষ্টিকৰবিদ ডিৱেকাৰে প্রধানমন্ত্রীগৰাকীৰ্ সৈতে বার্তালাপৰ সময়ত দেশবাসীক সৰল আহাৰ গ্রহণৰ ক্ষেত্রত কঠোৰ হ’বলৈ আহ্বান জনায়৷ পেকেজিং খাদ্যৰ বিপৰীতে ঘৰুৱাভাৱে ৰন্ধা খাদ্য সেৱনৰ ক্ষেত্রত গুৰুত্ব দিবলৈ দেশবাসীক আহ্বান জনায় ডিৱেকাৰে৷ উল্লেখ্য যে বিগত বর্ষত প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ ব্রেইন চাইল্ড ফিট ইণ্ডিয়া মুভমেণ্ট অভিযান আৰম্ভ কৰা হৈছিল৷ এই ফিট ইণ্ডিয়া মুভমেণ্টত দেশৰ সকলো স্তৰৰ লোকে অংশগ্রহণ কৰি দেশক সুস্থ কৰি ৰখাৰ ক্ষেত্রত আগ–ভাগ লৈ আছে৷