বিএছপিৰ পাঁচ বিধায়কৰ সমাজবাদী পার্টীত যোগদান

নিয়মীয়া বাৰ্তা, ২৯ অক্টোবৰঃ উত্তৰ প্রদেশত বহুজন সমাজ পার্টী (বিএছপি)ৰ পাঁচগৰাকী বিধায়কে পদত্যাগ কৰি অখিলেশ যাদৱ নেতৃত্বাধীন সমাজবাদী পার্টী (এছপি)ত যোগদান কৰিছে৷ ৰাজ্যসভাৰ নির্বাচনৰ বাবে বি এছ পিয়ে প্রক্ষেপ কৰা প্রার্থী ৰামজী গৌতমৰ প্রতি সমর্থন নাই বুলি উল্লেখ কৰি এই বিধায়ককেইগৰাকীয়ে পদত্যাগ কৰিছে৷

২০২২ চনত হ’বলগীয়া উত্তৰ প্রদেশ বিধানসভা নির্বাচনৰ পূর্বে বি এছ পিৰ বাবে এয়া এক মোক্ষম আঘাত হিচাপে চিহ্ণিত হৈছে৷ ইফালে, বি এছ পিৰ শীর্ষ নেত্রী মায়াৱতীয়ে পদত্যাগী পাঁচ বিধায়কৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্রহণ কৰিব বুলি হুংকাৰ দিছে৷ পদত্যাগ কৰা এই পাঁচগৰাকী বিধায়ক হৈছে আছলাম চৌধাৰী, আছলাম ৰাইনী, মুজতবা ছিড্ডিকী, হাকাম লাল বিন আৰু গোবিন জাতভ৷

এই পাঁচগৰাকী বিধায়কে পদত্যাগ কৰিয়েই সমাজবাদী পার্টীৰ কার্যালয়ত হাজিৰ হয়৷ লক্ষণীয়ভাৱে প্রথমবাৰৰ বাবে উত্তৰ প্রদেশত বি এছ পি নেত্রী মায়াৱতী প্রচণ্ড হতাশাৰ সন্মুখীন হৈছে৷ ২০১৯ত এছ পি আৰু বি এছ পিয়ে যৌথভাৱে বিধানসভা নির্বাচনত প্রতিদ্বন্দ্বিতা আগবঢ়াইছিল৷