নিয়মীয়া বাৰ্তা ১০ আগষ্টঃ অহা ছেপ্টেম্বৰৰ মাহৰ পৰা শিক্ষানুষ্ঠান পুনৰ মুকলি কৰাক লৈ ৰাজ্য চৰকাৰসমূহৰ পৰা মতামত বিচাৰিছে কেন্দ্রই৷ এক স্বাস্থ্যসন্মত পৰিৱেশত পহিলা ছেপ্ঢেম্বৰৰ পৰা পৰীক্ষামূলকভাৱে শিক্ষানুষ্ঠানসমূহত পাঠদান আৰম্ভ কৰাৰ চিন্তা–চর্চা কৰিছে কেন্দ্রীয় মানৱ সম্পদ উন্নয়ন মন্ত্রালয়ে৷ প্রথম পর্যায়ত দশমৰ পৰা দ্বাদশ শ্রেণীলৈ আৰু তাৰ পাছত পর্যায়ক্রমে অন্যান্য শ্রেণীসমূহৰ বাবেও মুকলি কৰা হ’ব শিক্ষানুষ্ঠানসমূহ৷ ইয়াৰ বাবে ৰাজ্য চৰকাৰসমূহৰ পৰা বিচৰা হৈছে মতামত আৰু পৰামর্শ৷ শেহতীয়াকৈ কেন্দ্রীয় স্বাস্থ্যমন্ত্রী হর্ষ বর্ধনৰ নেতৃত্বত অনুষ্ঠিত মন্ত্রী গোটৰ বৈঠকত শিক্ষানুষ্ঠান পুনৰ মুকলি কৰা সন্দর্ভত দীঘলীয়াকৈ আলোচনা কৰা হয়৷ কিন্তু এই সন্দর্ভত চূড়ান্ত সিদ্ধান্ত লোৱাৰ ক্ষমতা ৰাজ্য চৰকাৰসমূহৰ হাততে অর্পণ কৰিব বিচৰা হৈছে৷ সেইবাবেই গাইডলাইন প্রস্তুতৰ পূর্বে ৰাজ্য চৰকাৰৰ পৰা বিস্তাৰিত মতামত বিচাৰিছে কেন্দ্রই৷ কেন্দ্রীয় চৰকাৰৰ পৰিকল্পনা অনুসৰি, প্রথম পর্যায়ত দশম, একাদশ আৰু দ্বাদশ শ্রেণীৰ পাঠদান আৰম্ভ কৰা হ’ব৷ প্রতিটো শ্রেণীকে কেইবাটাও শাখাত ভাগ কৰি লোৱা হ’ব৷ তাৰ পাছত দুটা ছিফটত ছাত্র–ছাত্রীসকলক পাঠদান কৰা হ’ব৷ এইক্ষেত্রত পুৱা ৮ বজাৰ পৰা ১১ বজাপর্যন্ত এটা ছিফট আৰু দুপৰীয়া ১২ বজাৰ পৰা ৩ বজালৈ আনটো ছিফটৰ পাঠদান হ’ব৷ বিৰতিৰ সময়ছোৱাত শ্রেণীকোঠাসমূহ ছেনিটাইজ কৰা হ’ব৷ এই পৰিকল্পনা যদি সফল হয়, তেনেহ’লে দ্বিতীয় পর্যায়ত ষষ্ঠ, সপ্তম, অষ্টম আৰু নৱম শ্রেণীৰো পাঠদান আৰম্ভ কৰা হ’ব৷ মন্ত্রী গোটৰ বৈঠকত প্রথমৰ পৰা পঞ্চম শ্রেণীৰ পাঠদান এতিয়াই আৰম্ভ নকৰাৰ সিদ্ধান্ত লোৱা হয়৷ অসম চৰকাৰে উপযুক্ত স্বাস্থ্যবিধি মানি ছেপ্টেম্বৰৰ পৰা পাঠদান আৰম্ভ কৰাৰ পক্ষত মতামত দিয়াৰ বিপৰীতে পশ্চিমবংগ চৰকাৰে অহা ৫ ছেপ্টেম্বৰৰ শিক্ষক দিৱসৰ লগত সংগতি ৰাখি শিক্ষানুষ্ঠান পুনৰ মুকলি কৰাৰ যো–জা চলাইছে৷ পাঠদানৰ ক্ষেত্রত কেন্দ্রীয় চৰকাৰে অনুসৰণ কৰিব বিচাৰিছে ছুইজাৰলেণ্ডৰ মডেল৷ ক’ভিড প্রট’কলৰ মাজেৰে ছুইজাৰলেণ্ডত অতি সুকলমে পাঠদান চলি আছে৷ দেশখনৰ বিদ্যালয়ত ছাত্র–ছাত্রী বহা ডেস্ক–বেঞ্চসমূহৰ মাজত কমেও দুই মিটাৰৰ ব্যৱধান ৰখা হৈছে৷ কিন্তু ভাৰতৰ প্রেক্ষাপটত বিদ্যালয়সমূহৰ দুর্বল আন্তঃগাঁথনিলৈ চাই এয়া কিমানদূৰ সফল হয়, সেয়া শিক্ষানুষ্ঠান পুনৰ মুকলি হ’লেহে দেখা যাব৷ আনহাতে, বিশ্বৰ ভিতৰত শিক্ষাক্ষেত্রত অগ্রণী দেশ হিচাপে পৰিচিত ডেনমার্কত বন্ধ কোঠাত ব্লেকব’ড ব্যৱহাৰ কৰাৰ পৰিৱর্তে মুকলি খেলপথাৰত বিকল্প পদ্ধতিৰে পাঠদান আৰম্ভ কৰা হৈছে৷ উল্লেখ্য যে ৰাজ্য চৰকাৰে ইয়াৰ পূর্বে অহা ১ ছেপ্ঢেম্বৰৰ পৰা শিক্ষানুষ্ঠান পুনৰ মুকলি কৰাৰ লক্ষ্যৰে প্রস্তাৱিত নির্দেশনা জাৰি কৰিছে৷ এই নির্দেশনা সন্দর্ভত অহা ২০ আগষ্টৰ পৰা অভিভাৱক তথা অন্যান্য লোকৰ পৰা মতামত বিচৰা হৈছে৷ তাৰ পাছতহে শিক্ষানুষ্ঠান পুনৰ মুকলি সন্দর্ভত চূড়ান্ত সিদ্ধান্ত প্রকাশ পাব৷