নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ছুইজাৰলেণ্ডৰ আর্হিৰে ছেপ্টেম্বৰ পৰা বিদ্যালয় খোলাৰ যো–জাঃ বিদ্যালয়ত পাঠদান ৰাজ্য চৰকাৰৰ পৰামর্শ বিচাৰিলে কেন্দ্রই

প্রথম পর্যায়ত দশমৰ পৰা দ্বাদশ শ্রেণীৰ পাঠদান আৰম্ভ কৰাৰ চিন্তা কেন্দ্রীয় চৰকাৰৰ

নিয়মীয়া বাৰ্তা ১০ আগষ্টঃ  অহা ছেপ্টেম্বৰৰ মাহৰ পৰা শিক্ষানুষ্ঠান পুনৰ মুকলি কৰাক লৈ ৰাজ্য চৰকাৰসমূহৰ পৰা মতামত বিচাৰিছে কেন্দ্রই৷ এক স্বাস্থ্যসন্মত পৰিৱেশত পহিলা ছেপ্ঢেম্বৰৰ পৰা পৰীক্ষামূলকভাৱে শিক্ষানুষ্ঠানসমূহত পাঠদান আৰম্ভ কৰাৰ চিন্তা–চর্চা কৰিছে কেন্দ্রীয় মানৱ সম্পদ উন্নয়ন মন্ত্রালয়ে৷ প্রথম পর্যায়ত দশমৰ পৰা দ্বাদশ শ্রেণীলৈ আৰু তাৰ পাছত পর্যায়ক্রমে অন্যান্য শ্রেণীসমূহৰ বাবেও মুকলি কৰা হ’ব শিক্ষানুষ্ঠানসমূহ৷ ইয়াৰ বাবে ৰাজ্য চৰকাৰসমূহৰ পৰা বিচৰা হৈছে মতামত আৰু পৰামর্শ৷ শেহতীয়াকৈ কেন্দ্রীয় স্বাস্থ্যমন্ত্রী হর্ষ বর্ধনৰ নেতৃত্বত অনুষ্ঠিত মন্ত্রী গোটৰ বৈঠকত শিক্ষানুষ্ঠান পুনৰ মুকলি কৰা সন্দর্ভত দীঘলীয়াকৈ আলোচনা কৰা হয়৷ কিন্তু এই সন্দর্ভত চূড়ান্ত সিদ্ধান্ত লোৱাৰ ক্ষমতা ৰাজ্য চৰকাৰসমূহৰ হাততে অর্পণ কৰিব বিচৰা হৈছে৷ সেইবাবেই গাইডলাইন প্রস্তুতৰ পূর্বে ৰাজ্য চৰকাৰৰ পৰা বিস্তাৰিত মতামত বিচাৰিছে কেন্দ্রই৷ কেন্দ্রীয় চৰকাৰৰ পৰিকল্পনা অনুসৰি, প্রথম পর্যায়ত দশম, একাদশ আৰু দ্বাদশ শ্রেণীৰ পাঠদান আৰম্ভ কৰা হ’ব৷ প্রতিটো শ্রেণীকে কেইবাটাও শাখাত ভাগ কৰি লোৱা হ’ব৷ তাৰ পাছত দুটা ছিফটত ছাত্র–ছাত্রীসকলক পাঠদান কৰা হ’ব৷ এইক্ষেত্রত পুৱা ৮ বজাৰ পৰা ১১ বজাপর্যন্ত এটা ছিফট আৰু দুপৰীয়া ১২ বজাৰ পৰা ৩ বজালৈ আনটো ছিফটৰ পাঠদান হ’ব৷ বিৰতিৰ সময়ছোৱাত শ্রেণীকোঠাসমূহ ছেনিটাইজ কৰা হ’ব৷ এই পৰিকল্পনা যদি সফল হয়, তেনেহ’লে দ্বিতীয় পর্যায়ত ষষ্ঠ, সপ্তম, অষ্টম আৰু নৱম শ্রেণীৰো পাঠদান আৰম্ভ কৰা হ’ব৷ মন্ত্রী গোটৰ বৈঠকত প্রথমৰ পৰা পঞ্চম শ্রেণীৰ পাঠদান এতিয়াই আৰম্ভ নকৰাৰ সিদ্ধান্ত লোৱা হয়৷ অসম চৰকাৰে উপযুক্ত স্বাস্থ্যবিধি মানি ছেপ্টেম্বৰৰ পৰা পাঠদান আৰম্ভ কৰাৰ পক্ষত মতামত দিয়াৰ বিপৰীতে পশ্চিমবংগ চৰকাৰে অহা ৫ ছেপ্টেম্বৰৰ শিক্ষক দিৱসৰ লগত সংগতি ৰাখি শিক্ষানুষ্ঠান পুনৰ মুকলি কৰাৰ যো–জা চলাইছে৷ পাঠদানৰ ক্ষেত্রত কেন্দ্রীয় চৰকাৰে অনুসৰণ কৰিব বিচাৰিছে ছুইজাৰলেণ্ডৰ মডেল৷ ক’ভিড প্রট’কলৰ মাজেৰে ছুইজাৰলেণ্ডত অতি সুকলমে পাঠদান চলি আছে৷ দেশখনৰ বিদ্যালয়ত ছাত্র–ছাত্রী বহা ডেস্ক–বেঞ্চসমূহৰ মাজত কমেও দুই মিটাৰৰ ব্যৱধান ৰখা হৈছে৷ কিন্তু ভাৰতৰ প্রেক্ষাপটত বিদ্যালয়সমূহৰ দুর্বল আন্তঃগাঁথনিলৈ চাই এয়া কিমানদূৰ সফল হয়, সেয়া শিক্ষানুষ্ঠান পুনৰ মুকলি হ’লেহে দেখা যাব৷ আনহাতে, বিশ্বৰ ভিতৰত শিক্ষাক্ষেত্রত অগ্রণী দেশ হিচাপে পৰিচিত ডেনমার্কত বন্ধ কোঠাত ব্লেকব’ড ব্যৱহাৰ কৰাৰ পৰিৱর্তে মুকলি খেলপথাৰত বিকল্প পদ্ধতিৰে পাঠদান আৰম্ভ কৰা হৈছে৷ উল্লেখ্য যে ৰাজ্য চৰকাৰে ইয়াৰ পূর্বে অহা ১ ছেপ্ঢেম্বৰৰ পৰা শিক্ষানুষ্ঠান পুনৰ মুকলি কৰাৰ লক্ষ্যৰে প্রস্তাৱিত নির্দেশনা জাৰি কৰিছে৷ এই নির্দেশনা সন্দর্ভত অহা ২০ আগষ্টৰ পৰা অভিভাৱক তথা অন্যান্য লোকৰ পৰা মতামত বিচৰা হৈছে৷ তাৰ পাছতহে শিক্ষানুষ্ঠান পুনৰ মুকলি সন্দর্ভত চূড়ান্ত সিদ্ধান্ত প্রকাশ পাব৷

You might also like