চিনেমাৰ পৰা অনুপ্ৰাণিত হৈ নিজকে দিলে IPS বিষয়াৰ ৰূপ; ১.৭৫ কোটি টকাৰ প্ৰৱঞ্চনাৰ গোচৰত গ্ৰেপ্তাৰ যুৱক

নিয়মীয়া বাৰ্তা, ১৭ মার্চ: অজয় দেৱগণ অভিনীত বলীউদৰ ছিংঘাম ছবিৰ পৰা অনুপ্ৰাণিত হৈ আৰক্ষী হ’ব বিচৰা ৩৪ বছৰীয়া এজন  যুৱকে নিজকে আৰক্ষীৰ ৰূপ লৈ গ্ৰেপ্তাৰ হৈছে। মঙলবাৰে বেংগালুৰুত এজন ব্যক্তিৰ পৰা ১.৭৫ কোটি টকা প্ৰতাৰণা কৰাৰ অভিযোগত গ্ৰেপ্তাৰ হয় লোকজন। আৰক্ষীয়ে অভিযুক্তক আৰ শ্ৰীনিবাস বুলি চিনাক্ত কৰি তেওঁৰ হাতৰ পৰা ২৩ লাখ টকাৰ এখন বিএমডব্লিউকে ধৰি তিনিখন বাইক জব্দ কৰে।

বেংগালুৰুৰ চন্দ্ৰ লেৱাউটৰ বাসিন্দা শ্ৰীনিবাসে গ্রাফিক ডিজাইনাৰ হিচাপে কাম কৰিছিল বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে৷ ছমাহ পূৰ্বে তেওঁ আই পি এছ বিষয়াৰ ৰূপ লোৱাৰ সিদ্ধান্ত লৈছিল। তেওঁ ভুৱা আইডি কাৰ্ড প্ৰস্তুত কৰি পৰীক্ষামূলক আই পি এছ বিষয়াৰ ৰূপ লৈ শ্ৰীনিবাসে ৰাজ্যৰ বিভিন্ন চহৰলৈ গৈ মানুহক প্ৰতাৰণা কৰাৰ অভিযোগ উঠিছে। আৰক্ষীয়ে জনোৱা মতে, তেওঁক আই পি এছ বিষয়া বুলি ভবা লোকেও তেওঁক কেইবাটাও স্থানত অনুষ্ঠানত নিমন্ত্ৰণ কৰি সম্বৰ্ধনাও জনাইছিল।

কিন্তু শেহতীয়াকৈ যোৱা ৬ মাৰ্চত ভেংকটনৰায়ন নামৰ এজন ব্যক্তিয়ে তেওঁক ১.৭৫ কোটি টকা প্ৰতাৰণা কৰা বুলি থালাগুটাপুৰা আৰক্ষীৰ কাষ চপাৰ পিছতে শ্ৰীনিবাসক গ্ৰেপ্তাৰ কৰাত সমগ্ৰ ঘটনা পোহৰলৈ আহে।

Featured