ইনষ্টাগ্রামত অশালীন পোষ্ট: অধ্যাপিকাক ৯৯ কোটি টকা আদায়ৰ নির্দেশ বিশ্ববিদ্যালয় কর্তৃপক্ষৰ

নিয়মীয়া বাৰ্তা, ১১ আগষ্টঃ  পশ্চিমবংগৰ এখন উচ্চ শিক্ষা প্রতিষ্ঠানৰ এগৰাকী অধ্যাপিকাক ইনষ্টাগ্রামত শালীনতাহীন পোষ্টৰ বাবে চাকৰি এৰিবলৈ নির্দেশ দিয়াৰ উপৰি শিক্ষানুষ্ঠানৰ মান অৱনমিত কৰাৰ অভিযোগত ৯৯ কোটি টকা আদায় দিবলৈ নির্দেশ দিয়া হৈছে৷ কলকাতা ছেইণ্ট জেভিয়াৰ বিশ্ববিদ্যালয়ৰ অধ্যাপিকাগৰাকীয়ে ইনষ্টাগ্রামত ছুইমছ্যুট পৰিধান কৰা আলোকচিত্র পোষ্ট কৰিছিল৷ এজন অভিভাৱকে নিজৰ পুত্রই এই ছবিবোৰ ম’বাইল ফোনত বৰ মনোযোগেৰে চাই থকা বুলি বিশ্ববিদ্যালয় কর্তৃপক্ষক অৱগত কৰোৱাৰ উপৰি তাৎক্ষণিকভাৱে অধ্যাপিকাগৰাকীক চাকৰিৰ পৰা বর্খাস্ত কৰিবলৈ দাবী জনাইছিল৷ তেতিয়াই বিশ্ববিদ্যালয় কর্তৃপক্ষই অধ্যাপিকাগৰাকীক শীঘ্রেই পদত্যাগ কৰাৰ উপৰি ৯৯ কোটি টকা আদায় দিবলৈ নির্দেশ দিয়ে৷