কভিড আপডেটঃ যোৱা ২৪ ঘণ্টাত দেশত কৰোনাত আক্ৰান্ত আঢ়ৈ লাখতকৈ অধিক

নিয়মীয়া বাৰ্তা ১৫ জানুৱাৰীঃ  ক’ভিড পৰিস্থিতি একেই আছে সমগ্ৰ দেশত। যোৱা ২৪ ঘণ্টাত দেশত নতুনকৈ আক্ৰান্তৰ সংখ্যা ২ লাখ অতিক্ৰম কৰিছে। দেশৰ স্বাস্থ্য মন্ত্ৰালয়ে শুকুৰবাৰে পুৱা প্ৰকাশ কৰা তথ্য মতে, যোৱা ২৪ ঘণ্টাত নতুনকৈ সংক্ৰমণ হৈছে ২,৬৪,৮৩৩ জন লোকৰ আৰু মৃত্যু হৈছে ৪০২জনৰ। উল্লেখনীয় যে, যোৱা চলিত সপ্তাহত প্ৰত্যক দিনাই দৈনিক ১.৫লাখকৈ লোক আক্ৰান্ত হৈছে ক’ভিডত। আনহাতে, অমিক্ৰন আক্ৰান্তৰ সংখ্যা হৈছে ৬০৪১ জন লোক।

Featured