লকডাউনৰ বিৰোধিতাত অশান্ত নেদাৰলেণ্ড

নিয়মীয়া বাৰ্তা ২২ নৱেম্বৰঃ ক’ভিড–১৯ৰ সংক্রমণ বৃদ্ধি পোৱাৰ পৰিপ্রেক্ষিতত নতুনকৈ কঠোৰ লকডাউন বলৱৎ ঘোষণা কৰাৰ পিছতেই লকডাউনবিৰোধীৰ প্রতিবাদত অশান্ত হৈ উঠিছে নেদাৰলেণ্ড৷ দেশখনৰ ৰটাৰডামত কালি লকডাউনবিৰোধী প্রতিবাদ হিংসাত্মক হৈ উঠাৰ লগে লগে আৰক্ষীয়ে গুলীচালনা কৰাৰ পিছত দেশখনৰ প্রান্তে প্রান্তে লকডাউনবিৰোধী প্রতিবাদ তীব্রতৰ হৈ উঠে৷ প্রান্তে প্রান্তে লকডাউনবিৰোধীয়ে আৰক্ষীক আগ্ণেয়াস্ত্রৰে আক্রমণ কৰাৰ লগতে বাইচাইকেল জ্বলাই দিয়ে৷ এই লৈ দুদিন ধৰি নেদাৰলেণ্ডৰ পৰিস্থিতি উত্তপ্ত হৈ আছে৷ নেদাৰলেণ্ডৰ হগ চহৰত প্রতিবাদকাৰী আৰু আৰক্ষীৰ মাজত সংঘর্ষ সৃষ্টি হোৱাত আৰক্ষীয়ে ঘোঁৰা, কুকুৰ আৰু লাঠীৰে প্রতিবাদকাৰীক নিয়ন্ত্রণ কৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে৷ চহৰখনৰ পৰা অতি কমেও ৭জন লোকক গ্রেপ্তাৰ কৰা হৈছে৷ লকডাউনবিৰোধীৰ আক্রমণত পাঁচজন আৰক্ষী বিষয়া আহত হৈছে৷

ইপিনে, অষ্ট্রিয়াতো কঠোৰ লকডাউন ঘোষণা কৰাৰ পিছত দেশখনৰ প্রান্তে প্রান্তে একাংশ লোকে ক্ষোভ প্রকাশ কৰিছে৷ ইউৰোপীয় সংঘৰ প্রথমখন দেশ হিচাপে ক’ভিড–১৯ৰ সংক্রমণ প্রতিৰোধ কৰিবলৈ কঠোৰ লকডাউন অষ্ট্রিয়াই ঘোষণা কৰিছে৷ ইপিনে, ক্র’ৱেছিয়া আৰু ইটালীতো ক’ভিড–১৯ৰ নতুন নির্দেশনাক লৈ একাংশ লোকে ক্ষোভ প্রকাশ কৰি ৰাজপথলৈ ওলাই আহিছে৷ ক্র’ৱেছিয়াৰ ৰাজধানী চহৰখনলৈ কেইবাসহস্র লোকে ওলাই আহি চৰকাৰখনৰ নতুন নির্দেশনাক লৈ ক্ষোভ প্রকাশ কৰিছে৷ ইটালীত কর্মস্থলীত গ্রীন পাছ চার্টিফিকেট বাধ্যতামূলক ঘোষণা কৰাত কেইবাসহস্র প্রতিবাদকাৰী ৰাজপথলৈ ওলাই আহিছে৷ মহামাৰী ক’ভিডৰ সংক্রমণ ৰোধ কৰিবলৈ ইউৰোপৰ দেশে দেশে নতুনকৈ নির্দেশনা জাৰি কৰা হৈছে৷ উল্লেখ্য যে ইউৰোপত নতুনকৈ ক’ভিডৰ সংক্রমণ বৃদ্ধি পোৱাক লৈ উদ্বিগ্ণতা প্রকাশ কৰিছে বিশ্ব স্বাস্থ্য সংস্থাই৷