আকৌ লকডাউন! ইউৰোপত ক’ৰোনাৰ দ্বিতীয় প্ৰৱাহে নমাইছে শংকা…

নিয়মীয়া বার্তা, ২৮ অক্টোবৰঃ এতিয়া ক’ৰোনাৰ আতংক নাই, কিন্তু ক’ৰোনা আছে। সচেতনতাও ভাৰতত সমূলি নোহোৱা হৈছে। কিন্তু অতি ভয়াৱহ ৰূপত ক’ৰোনাই স্পৰ্শ কৰা ইউৰোপ মহাদেশৰ এখনৰ পিছত সিখন ৰাষ্ট্ৰই ঘোষণা কৰিছে পুনৰ জৰুৰী অৱস্থা।

কাৰণ ক’ৰোনাৰ দ্বিতীয় প্ৰৱাহৰ ঢৌ আহি পৰিছে। প্ৰথম অৱস্থাত কেইদিনমান আগতে ফ্ৰান্সে জৰুৰী অৱস্থা ঘোষণা কৰাৰ পিছত বিভিন্ন বিধি নিষেধ লগাইছে ইটালীয়ে। আক্ৰান্তৰ সংখ্যা দ্ৰুতগতিত বাঢ়ি থকাত স্পেইনে বাহিৰত ওলোৱাৰ ক্ষেত্ৰত ঘোষণা কৰিছে জৰুৰী অৱস্থা। স্পেইনত নিশা ১১ বজাৰ পৰা পুৱা ৬ বজালৈ চলিব নাইট কাৰ্ফিউ। যোৱা দেওবাৰৰ পৰা চলিছে এই কাৰ্ফিউ।

এতিয়া ১৫ দিনৰ কাৰণে জৰুৰী অৱস্থা ঘোষণা কৰিলেও এই ব্যৱস্থা ৬ মাহৰ কাৰণে বৃদ্ধি কৰাৰ বাবে আবেদনো জনোৱা হৈছে সংসদত। প্ৰসংগত উল্লেখনীয় যে ইউৰোপ ক্ষতিগ্ৰস্ত দেশবোৰৰ মাজত স্পেইন সৰ্বাধিক ক্ষতিগ্ৰস্ত হৈছে। এতিয়া তাত কৰোনাৰ দ্বিতীয় প্ৰৱাহৰ ৰেশ দেখা গৈছে, যাৰ বাবে দেশত পুনৰ জৰুৰী অৱস্থা ঘোষণা কৰা হৈছে।