নিঃসংগতাৰ মোকাবিলাৰ বাবে জাপানত মন্ত্রালয়

টেটছুশ্বিক মন্ত্রীৰ দায়িত্ব ছুগাৰ

নিয়মীয়া বাৰ্তা ২৫ ফেব্ৰুৱাৰীঃ বিশ্বৰ প্রথমখন দেশ হিচাপে জাপানে নিঃসংগতা দপ্তৰৰ মন্ত্রী এগৰাকীক নিযুক্তি দিছে৷ দেশখনত ক’ভিড–১৯ মহামাৰীৰ সময়ছোৱাত আত্মহত্যা কৰা লোকৰ সংখ্যা অভাৱনীয়ভাৱে বৃদ্ধি পাইছে৷ হতাশা আৰু নিঃসংগতাৰ মোকাবিলা কৰিবলৈ সেইবাবে চৰকাৰে নিঃসংগতা মন্ত্রালয় মুকলি কৰিছে৷ এই নতুন দপ্তৰৰ মন্ত্রী হিচাপে প্রধানমন্ত্রী য়’শ্বিহিডে ছুগাই নিযুক্তি দিছে টেটছুশ্বি ছাকাম’টোক৷ লক্ষণীয়ভাৱে ছাকাম’টোই দেশখনত জন্মৰ হাৰ হ্রাস পোৱা বিষয়টো আৰু আঞ্চলিক অর্থনীতিৰ পুনৰুদ্ধাৰৰ ক্ষেত্রত থকা গুৰুত্বপূর্ণ দপ্তৰৰ মন্ত্রীৰ দায়িত্ব পালন কৰি আছে৷ বিগত ১১ বছৰৰ ভিতৰত জাপানত প্রথমবাৰলৈ আত্মহত্যা কৰা লোকৰ সংখ্যা বৃদ্ধি পাইছে৷ এই নিঃসংগতা মন্ত্রালয় মুকলি কৰাৰ উপৰি জাপান চৰকাৰে ‘বিচ্ছিন্নতা/নিঃসংগতা প্রতিৰোধ কার্যালয়’ মুকলি কৰাৰো সিদ্ধান্ত লৈছে৷