ICMRৰ তথ্যক লৈ চাঞ্চল্যঃ মে’ মাহতে দেশত ক’ৰোনাত আক্ৰান্ত হৈছিল ৬৪লাখ

নিয়মীয়া বাৰ্তা ১১ ছেপ্টেম্বৰঃ   যোৱা মে’ মাহতেই সমগ্ৰ দেশতেই ৬৪ লাখ মানুহ ক’ৰোনাত আক্ৰান্ত হৈছিল। ক’ৰোনা সংক্ৰমণ গ্ৰামীণ অঞ্চলত বেছি আছিল। লগতে কভিডত দেশৰ যুৱচাম সৰ্বাধিক ৰূপত আক্ৰান্ত হৈছিল। ইণ্ডিয়ান মেডিকেল ৰিচাৰ্চ কাউন্সিল ICMRৰ দ্বাৰা CERO পৰীক্ষণত জানিব পৰা হৈছে এই কথা।

ICMRয়ে যোৱা ১১ মেৰ পৰা ৪ জুনলৈকে দেশৰ বিভিন্ন প্ৰান্তত ২৬০০০ লোকৰ মাজত পৰীক্ষা কৰোতে পোৱা ফলাফলৰ ভিত্তিত এই তথ্য ব্যক্ত কৰা হৈছে । বৃহস্পতিবাৰে এই চাঞ্চল্যকৰ তথ্য প্ৰকাশ কৰিছে ICMRয়ে । ICMRয়ে দাবী কৰিছে যে যোৱা মে’ মাহত দেশত 0.63 শতাংশ বয়স্ক লোক ক’ৰোনাত সংক্ৰমিত হৈছিল। আনহাতে 43.3 শতাংশ লোকৰ শৰীৰত এণ্টিবডী বিকশিত হৈছিল। লগতে ৪৮ আৰু ৬০ বছৰ বয়সৰ লোকৰ মাজত 39.5 শতাংশ এণ্টিবডী বিকশিত হৈ আছে। লগতে ৬০ বছৰ বয়সৰ অধিক লোকৰ 18.2 শতাংশ এণ্টিবডী পোৱা গৈছে। অৱশ্যে 18 বছৰ বয়সৰ কম লোকৰ কোনো ব্যক্তিৰ নমুনা পৰীক্ষণ কৰা হোৱা নাই এই সমীক্ষাৰ বাবে ।
এই সমীক্ষাত আন এক তথ্য প্ৰকাশ পাইছে যে যোৱা মে’ মাহত গাওঁৰ ৮০ শতাংশ লোকৰ মাজত ক’ৰোনাৰ এণ্টিবডী পোৱা গৈছে।