অসমত স্থাপন হ’ব মেগা বস্ত্র উদ্যান

নিয়মীয়া বাৰ্তা ৭ অক্টোবৰঃ ভাৰতক আন্তর্জাতিক ৰপ্তানি হাব বিচাপে গঢ়ি তোলাৰ লক্ষ্যৰে পদক্ষেপ গ্রহণ কৰিছে কেন্দ্রীয় চৰকাৰে৷ প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ ‘৫ এফ’ অর্থাৎ ফার্মৰ পৰা ফাইবাৰ, ফাইবাৰৰ পৰা ফেক্টৰী, ফেক্টৰীৰ পৰা ফেশ্বন আৰু ফেশ্বনৰ পৰা ফ’ৰেইনৰ আঁত ধৰি অসমকে ধৰি সাত ৰাজ্যত স্থাপন কৰিব মেগা বস্ত্র উদ্যান৷ অসমকে ধৰি সাত ৰাজ্যত এই বস্ত্র উদ্যানৰ বাবে বুধবাৰে ৪,৪৪৫ কোটি টকাৰ আবণ্টন দিয়ে কেন্দ্রীয় কেবিনেটে৷ প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেন্দ্রীয় কেবিনেটত এই মেগা বস্ত্র উদ্যানৰ প্রকল্পত অনুমোদন জনোৱা হয়৷ বৈঠকৰ অন্তত চৰকাৰী বিবৃতিত প্রকাশ কৰা হৈছে যে অসমৰ উপৰি তামিলনাডু, পঞ্জাব, ওড়িশা, অন্ধ্রপ্রদেশ, ৰাজস্থান, কর্ণাটক, মধ্যপ্রদেশ আৰু তেলেংগানা চৰকাৰে নিজ নিজ ৰাজ্যত মেগা বস্ত্র উদ্যান স্থাপনৰ বাবে আগ্রহ প্রকাশ কৰিছে৷

বৈঠকৰ অন্তত এখন সংবাদ মেল সম্বোধন কৰি কেন্দ্রীয় মন্ত্রী পীয়ূষ গোৱেল আৰু অনুৰাগ ঠাকুৰে কয় যে মেগা বস্ত্র উদ্যানসমূহ পিএম মিত্র হিচাপে অভিহিত কৰা হ’ব৷ এই বস্ত্র উদ্যানসমূহ দুটা ভিন্ন শ্রেণীৰ হ’ব৷ গ্রীন ফিল্ড উদ্যান আৰু ব্রাউন ফিল্ড উদ্যান৷ গ্রীন ফিল্ড উদ্যান নির্মাণৰ বাবে ব্যয় কৰা হ’ব সর্বোচ্চ ৫০০ কোটি টকা আৰু ব্রাউন ফিল্ড উদ্যানৰ বাবে ব্যয় কৰা হ’ব সর্বোচ্চ ২০০ কোটি টকা৷ চৰকাৰী বিবৃতি অনুসৰি উদ্যানসমূহ এহাজাৰ একৰ ভূমিত স্থাপন কৰা হ’ব আৰু সংশ্লিষ্ট ৰাজ্য চৰকাৰে ভূমিৰ আবণ্টন দিব৷ প্রতিখন উদ্যানৰ বাবে কেন্দ্রীয় চৰকাৰে অনুদানস্বৰূপে আগবঢ়াব মুঠ মূলধনৰ ৩০ শতাংশ৷ তেনেদৰে বিবৃতিত প্রকাশ কৰা মতে, প্রতিখন মেগা বস্ত্র উদ্যানে প্রত্যক্ষভাৱে এক লাখ আৰু পৰোক্ষভাৱে দুই লাখ কর্মসংস্থানৰ সৃষ্টি কৰিব৷ মন কৰিবলগীয়া যে ৰাজহুৱা আৰু ব্যক্তিগত খণ্ডৰ যৌথ উদ্যোগত বস্ত্র উদ্যানসমূহ স্থাপন তথা পৰিচালনা কৰা হ’ব৷ সূতা প্রস্তুত কৰা বয়ন শিল্প, দর্জীৰ কাম, বস্তত ৰং সনা, বস্তত ছপাৰ কাম আদি উদ্যানত সম্পন্ন কৰা হ’ব৷
ৰে’লকর্মীলৈ দুর্গাপূজাৰ বোনাছ
প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ অধ্যক্ষতাত আজি অনুষ্ঠিত কেন্দ্রীয় চৰকাৰৰ কেবিনেটৰ বৈঠকে ৰে’লৱেৰ অৰাজপত্রিত কর্মচাৰীলৈ শাৰদীয় দুর্গাপূজাৰ বোনাছ দিয়াৰ বাবে লোৱা সিদ্ধান্তক আদৰণি জনাই এন এফ ৰে’লৱে মজদুৰ ইউনিয়নে কয় যে ইয়াৰ ফলত ১,১৫৬ লাখ ৰে’লকর্মী উপকৃত হ’ব৷ উল্লেখ্য যে মুঠ ৭৮ দিনৰ হিচাপত একোজন কর্মচাৰীয়ে সর্বাধিক ১৭,৯৫১ টকা বোনাছ হিচাপে লাভ কৰিব৷ কেন্দ্রীয় চৰকাৰৰ এই ঘোষণাই স্বাভাৱিকতে ৰে’লকর্মীসকলক উৎফুল্ল কৰি তুলিছে৷

Featured