নিয়মীয়া বাৰ্তা ২৫ ফেব্ৰুৱাৰীঃ আফ্রিকান ৰাষ্ট্র মোজাম্বিকৰ এটা দ্বীপত উপকূলীয় অঞ্চলত ১০০টা ডলফিনৰ মৃত্যু হোৱা ঘটনাক লৈ তীব্র চাঞ্চল্যৰ সৃষ্টি হৈছে৷ ডলফিনবোৰৰ কেনেদৰে মৃত্যু হ’ল তাক লৈ ইতিমধ্যে প্রকৃতিপ্রেমী সংগঠনসমূহৰ মাজত চলিছে কৌতূহল৷ লক্ষণীয়ভাৱে ৰাজধানী মাপুটোৰ উত্তৰ প্রান্তৰ দ্বীপ বাজাৰুটোতো ৮৬টা মৃত ডলফিন উদ্ধাৰ হৈছে৷ দেওবাৰ আৰু মঙলবাৰে মাত্র ৪৮ ঘণ্টাৰ ভিতৰত এই বৃহৎসংখ্যক ডলফিনৰ মৃত্যু হোৱা বুলি ধাৰণা কৰিছে মোজাম্বিকৰ পৰিৱেশ মন্ত্রালয়ে৷ ইতিমধ্যে প্রাণী বিশেষজ্ঞৰ দল গৈ ঘটনাস্থলীত উপস্থিত হৈছে৷ এই বাতৰি যুগুতোৱাৰ পৰলৈ ডলফিনবোৰৰ মৃত্যুৰ কাৰণ জানিব পৰা হোৱা নাই৷ একাংশ বিশেষজ্ঞই ধাৰণা কৰা অনুসৰি সামুদ্রিক ধুমুহাৰ বাবেই ডলফিনবোৰৰ মৃত্যু হৈছে৷ যোৱা সপ্তাহত সামুদ্রিক ধুমুহা গুৱাম্বেই জলপৃষ্ঠত সৃষ্টি কৰা তাণ্ডৱৰ ফলতেই উপকূলৰ ফালে উটুৱাই লৈ আহিছিল এই ডলফিনবোৰক৷ অৱশ্যে এতিয়াও ডলফিনবোৰৰ মৃত্যুৰ কাৰণ সামুদ্রিক ধুমুহা বুলি নিশ্চিত কৰা হোৱা নাই৷