মেক্সিকোত ক’ৰোনাত মৃত্যু হোৱা লোকৰ সংখ্যা এক লক্ষাধিক

নিয়মীয়া বাৰ্তা, ২১ নৱেম্বৰঃ ক’ৰোনা ভাইৰাছ মহামাৰীত মেক্সিকোত প্রাণ হেৰুওৱা লোকৰ সংখ্যাই অতিক্রম কৰিছে এক লাখ৷ বিশ্বৰ ভিতৰত লক্ষাধিক ক’ৰোনা ৰোগীৰ প্রাণ হেৰুওৱা চতুর্থখন দেশ হিচাপে চিহ্ণিত হৈছে মেক্সিকো৷

জনছ হ’পকিনছ বিশ্ববিদ্যালয়ৰ তথ্য অনুসৰি দেশখনত ক’ভিড মহামাৰীত এতিয়ালৈকে প্রাণ হেৰুৱাইছে ১,০০,১০৪গৰাকী লোকে৷ লক্ষণীয়ভাৱে বিশ্বৰ আটাইতকৈ বেছিসংখ্যক স্পেনিছভাষী লোকৰ দেশখনত ক’ভিড মহামাৰীত এতিয়ালৈকে আক্রান্ত হৈছে দহ লক্ষাধিক লোক৷

মেক্সিকোৰ চৰকাৰী বিষয়াই সদৰী কৰা অনুসৰি ক’ভিড মহামাৰীত প্রাণ হেৰুওৱা লোকৰ সংখ্যা ভবাতকৈ অধিক হ’ব পাৰে৷ কাৰণ বহু লোকৰ মৃত্যুৰ কাৰণ এতিয়াও সদৰী কৰা নাই জনছ হ’পকিনছ বিশ্ববিদ্যালয়ে৷