পর্ন DVD ভাঙি নষ্ট কৰিছিল পিতৃ-মাতৃয়ে; ৫৫ লাখৰ ক্ষতিপূৰণ বিচাৰি আদালতৰ দ্বাৰস্থ সন্তান

নিয়মীয়া বাৰ্তা, ২১ ডিচেম্বৰঃ নিজ পিতৃ-মাতৃক আদালতলৈ মাতি নিলে তেওঁলোকৰ পুত্ৰই। ঘৰ-মাটি, বা আন কোনো বিবাদৰ বাবে নহয়, তেওঁৰ সংগ্ৰহ কৰি ৰখা বৃহৎ সংখ্যক পৰ্ন ডিভিডি নষ্ট কৰিছিল পিতৃ-মাতৃয়ে। যাৰ বাবেই পিতৃ-মাতৃৰ বিৰুদ্ধে ৭৫,০০০ ডলাৰ ক্ষতিপূৰণ বিচাৰি আদালতত হাজিৰ হ’ল সন্তান। এই আচৰিত ঘটনা সংঘটিত হৈছে আমেৰিকা যুক্তৰাষ্ট্ৰৰ মিচিগানত।

মিচিগানৰ বাসিন্দা ডেভিড ৰেকিঙৰ হাতত ১৬০৫ টা DVD, VHS টেপ, চেক্স টয় জমা আছিল। কিন্তু সকলো ধ্বংস কৰে তেওঁৰ পিতৃ-মাতৃয়ে। সেই ক্ষোভতে ২০১৮ চনত, পিতৃ-মাতৃৰ বিৰুদ্ধে মিচিগান আদালতৰ দ্বাৰস্থ হয় তেওঁ। অৱশেষত, আদালতে পিতৃ-মাতৃক পুত্ৰ ডেভিদক বিশাল পৰিমাণৰ ক্ষতিপূৰণ পৰিশোধ কৰিবলৈ আদেশ দিছিল। উল্লেখ্য যে ভাৰতীয় মুদ্ৰাৰ হিচাপত এই জৰিমনাৰ পৰিমাণ হ’ব প্ৰায় ৫৫,২০,৭৫০ টকা।

বাতৰিৰ উৎসঃ IndiaToday