পর্বতাৰোহী আং ৰিতা শ্বেৰপাৰ বিয়োগ

অক্সিজেন বটল নোলোৱাকৈ ১০বাৰ এভাৰেষ্টত আৰোহণেৰে বিশ্ব অভিলেখ

নিয়মীয়া বাৰ্তা ২৩ ছেপ্টেম্বৰঃ  অক্সিজেনৰ বটল অবিহনে ১০বাৰ এভাৰেষ্ট শৃংগত আৰোহণ কৰা বিশ্বৰ প্রথম পর্বতাৰোহী হিচাপে অভিলেখ সৃষ্টি কৰা নেপালৰ আং ৰিতাৰ শ্বেৰপাৰ ৭২ বছৰ বয়সত পৰলোকপ্রাপ্তি হৈছে৷ ১৯৮৩ চনত বিশ্বৰ পর্বতৰ সর্বোচ্চ এভাৰেষ্ট শৃংগ প্রথমবাৰ আৰোহণ কৰি স্ন’ লিউপার্ড ৰূপে পৰিচিত হৈ পৰা আং ৰিতা শ্বেৰপাই পিছলৈ অক্সিজেনৰ বটল অবিহনে ১৯৯৬লৈকে ১০বাৰ শৃংগ আৰোহণ কৰে৷ ইয়াৰ বাবে আং ৰিতা শ্বেৰপা ২০১৭ চনত গীনিজ ৱর্ল্ড ৰেকর্ডৰ অধিকাৰী হয়৷ এতিয়ালৈকে কোনো পর্বতাৰোহী অক্সিজেন বটল অবিহনে এভাৰেষ্ট শৃংগ ১০বাৰ আৰোহণ কৰিবলৈ সক্ষম হোৱা নাই৷ হিমালয়ৰ পৰিৱেশ আৰু জৈৱ বৈচিত্র্যৰ সংৰক্ষণৰ প্রকল্পত কার্যনির্বাহ কৰা শ্বেৰপাই ১৯৮৭ চনৰ শীতকালত অক্সিজেনৰ বটল নোহোৱাকৈ ৮,৮৪৮ মিটাৰ উচ্চতা বগাবলৈ সক্ষম হৈ আন এক কৃতিত্বৰ অধিকাৰী হৈছিল৷