নিশাটোৰ ভিতৰতে জীৱন সলনি হৈছে মাজনিশাৰ দৌৰবিদ প্ৰদীপৰ

বিশেষ বাৰ্তা, ২৩ মাৰ্চঃ নাম প্ৰদীপ মেহৰা, বয়স ১৯। মেকডনাল্ডত কাম কৰা যুৱকজনৰ সপোন সেনা বাহিনীত যোগদান। তিনি দিন আগলৈ তেনেই সাধাৰণ যুৱকজন ৰাতিৰ ভিতৰতে হৈ উঠিছে চেলিব্ৰিটী। সিদিনা ৰাতি যুৱকজনক পথত দৌৰি থকা দেখি ছবি নিৰ্মাতা বিনোদ কাপ্ৰীয়ে কাষেৰে গাড়ী লৈ পাৰ হওঁতে এটি ভিডিঅ’ তৈয়াৰ কৰিছিল। সেনা বাহিনীত ভৰ্তি হোৱাৰ অভ্যাসৰ বাবে কামৰ পাছত প্ৰতিদিনে নিশা ১০ কিলোমিটাৰ দৌৰি দৌৰি ঘৰলৈ যোৱা যুৱকজনে বিভিন্নজনক উৎসাহিত কৰে। ভিডিঅ’টো ছ’চিয়েল মিডিয়াত এনেকৈ ভাইৰেল হয় যে এদিনতে চেলিব্ৰিটী গ্লেমাৰ পাইছে প্ৰদীপে।

এক মুহূৰ্তৰ বাবেও তেওঁৰ ফোনটো বজা বন্ধ নোহোৱা হৈছে, ঘৰৰ বাহিৰত সংবাদ মাধ্যমৰ ভিৰ লাগিছে আৰু চৰকাৰী শীৰ্ষ বিষয়াই তেওঁক লগ কৰিবলৈ আগতীয়াকৈ অনুমতি লৈছে। নয়দাৰ যিখন মেকড’নাল্ডৰ দোকানত তেওঁ কাম কৰে তাত সোমাবলগীয়া হৈছে তেওঁ পিছ দুৱাৰেৰে। কাৰণ তেওঁক লগ কৰিবলৈ আৰু এখন ছেলফী ল’বলৈ মানুহৰ ভিৰ লাগিছে। এক মুহূৰ্তৰ বাবেও তেওঁ মাস্কখন খুলিব নোৱাৰা হৈছে, কিজানি এদল মানুহে তেওঁক বেৰি ধৰিব আৰু ছেলফী লোৱাত লাগিব। মনোযোগ হেৰুৱাইছে, নিশাৰ ভিতৰতে পোৱা এই জনপ্ৰিয়তাই এতিয়া অনাহক ঝামেলা এখনৰহে যেন সৃষ্টি কৰিছে প্ৰদীপৰ প্ৰত্যাহিক জীৱনত।