এনচিবিৰ বিষয়াৰ সন্মুখত শ্বাহৰুখৰ চকুপানী, কৈছিল- আপুনি আমাক দাগী অপৰাধী সজাইছে, আৰয়ানে কৈছিল- মোৰ সুনাম নষ্ট কৰিলে…

বিশেষ বাৰ্তা, ১১ জুনঃ ২০২১ চনৰ ২ অক্টোবৰ। এই দিনটোতে বলীউডৰ কিং শ্বাহৰুখ খান আৰু গৌৰী খানৰ আনন্দ কান্দোনত পৰিণত হৈছিল যেতিয়া তেওঁলোকৰ পুত্ৰ আৰিয়ান খানক ড্ৰাগছৰ গোচৰত গ্ৰেপ্তাৰ কৰা হৈছিল। আৰম্ভণিৰে পৰা কোৱা হৈছিল যে শ্বাহৰুখৰ পুত্ৰ আৰয়ান খানৰ পৰা ড্ৰাগছ পোৱা নাই। ইয়াৰ পিছতো অক্টোবৰৰ ২০ দিন কাৰাগাৰত থাকিব লগা হৈছিল অভিনেতা পুত্ৰ। কিন্তু ২০২২ চনৰ ২৮ মে’ত ড্ৰাগছ গোচৰৰ কোনো সুনিৰ্দিষ্ট প্ৰমাণ নোপোৱাত আৰয়ানৰ বিৰুদ্ধে থকা সকলো অভিযোগ উঠাই লোৱা হৈছিল। এই বিষয়ত শ্বাহৰুখ বা তেওঁৰ পৰিয়ালৰ কোনো সদস্যই কোনো কথা কোৱা নাই যদিও শেহতীয়াকৈ এনচিবিৰ উপ-সঞ্চালক প্ৰধান সঞ্জয় সিঙে ‘ইণ্ডিয়া টুডে’ক দিয়া এক সাক্ষাৎকাৰত সেই সময়ত আৰয়ান আৰু শ্বাহৰুখ খানে কোৱা কিছু কথা প্ৰকাশ কৰিছে।


সঞ্জয় সিঙৰ মতে, ড্ৰাগছৰ গোচৰত যেতিয়া তেওঁ আৰয়ানৰ সৈতে কথা পাতিবলৈ গৈছিল, প্ৰথমে তাৰকা পুত্ৰই কথা পাতিবলৈ কুণ্ঠাবোধ কৰি সুধিছিল তেওঁ এনে ব্যৱহাৰৰ যোগ্য নে? ‘ছাৰ, আপুনি মোক আন্তঃৰাষ্ট্ৰীয় ড্ৰাগছ সৰবৰাহকাৰী সজাইছে। ড্ৰাগছত টকা বিনিয়োগ কৰোঁ মই… এই অভিযোগবোৰ অৰ্থহীন নহয়নে? মোৰ পৰা ড্ৰাগছ বিচাৰি নোপোৱাৰ পিছতো তেওঁলোকে মোক গ্ৰেপ্তাৰ কৰিলে। ছাৰ, আপোনালোকে মোৰ সৈতে বহুত অন্যায় কৰিছে, মোৰ সুনাম নষ্ট কৰিছে।’
সঞ্জয় সিঙে আৰু কয় যে আৰয়ান জিম্মাত থকাৰ সময়ত শ্বাহৰুখ খানে তেওঁক লগ পাইছিল আৰু পুত্ৰৰ শাৰীৰিক-মানসিক স্বাস্থ্যক লৈ চিন্তিত আছিল। তেওঁ পুত্ৰক লগ কৰি ৰাতিটো একেলগে কটাবলৈও অনুমতি বিচাৰিছিল। কিন্তু সেই অনুমতি দিয়া হোৱা নাছিল। শ্বাহৰুখে কোনো প্ৰমাণ অবিহনে তেওঁৰ পুত্ৰক ‘বদনাম’ কৰাৰ অভিযোগ উত্থাপন কৰে। এবাৰ কথা-বতৰাৰ সময়ত শ্বাহৰুখৰ চকু দুটা চলচলীয়া হৈ উঠিছিল আৰু তেওঁক কৈছিল, ‘আমাক বিশ্ববাসীৰ সন্মুখত দাগী অপৰাধী বা দানৱৰ দৰে দেখুওৱা হৈছে, যিয়ে সমাজ ধ্বংস কৰিবলৈ ওলাইছে।’