এনচিবিৰ চমনঃ ২৫ ছেপ্টেম্বৰৰ পুৱা ১০.৩০ত জেৰা কৰিব দীপিকাক

ড্রাগ্ছ গোচৰ টোপনি হৰিছে বলীউড তাৰকাৰ

নিয়মীয়া বাৰ্তা ২৪ ছেপ্টেম্বৰঃ  প্রতিভাৱান অভিনেতা সুশান্ত সিং ৰাজপুতৰ ৰহস্যজনক মৃত্যুৰ সৈতে সম্পর্কিত ড্রাগ্ছ গোচৰত অভিনেত্রী দীপিকা পাডুকনসহ চাৰি অভিনেত্রীলৈ চমন জাৰি কৰিছে নার্ক’টিকছ কণ্ড্র’ল ব্যুৰ’ৱে (এন চি বি)৷ অভিনেত্রী দীপিকা পাডুকনৰ মেনেজাৰ কৰীশ্মা প্রকাশ, টেলেণ্ট মেনেজাৰ জয়া সাহা আৰু চলচ্চিত্র নির্মাতা মধু মণ্টেনাক চমন জাৰি কৰি  সোধা–পোছা কৰাৰ পাছতে এন চি বিয়ে বলীউডৰ চাৰি অভিনেত্রীলৈ চমন জাৰি কৰে৷ ইতিমধ্যে হোৱটছএপ বার্তাত ড্রাগ্ছৰ সৈতে দীপিকা পাডুকন জড়িত থকাটো নিশ্চিত হোৱাৰ পাছত এন চি বিয়ে আজি অভিনেত্রী পাডুকনক চমন জাৰি কৰে৷ তদুপৰি ইতিপূর্বে ড্রাগ্ছ গোচৰত সাঙোৰ খাই পৰা অভিনেত্রী ছাৰা আলী খান, শ্রদ্ধা কাপুৰ আৰু ৰাকুল প্রীত সিঙকো এন চি বিয়ে চমন জাৰি কৰে৷ এন চি বিৰ সূত্রত প্রকাশ পোৱা মতে, চমন অনুসৰি দীপিকা পাডুকনে ২৫ ছেপ্টেম্বৰত এন চি বিৰ কার্যালয়ত হাজিৰ হ’ব লাগিব৷ তেনেদৰে ২৬ ছেপ্টেম্বৰত হাজিৰ হ’ব লাগিব ছাৰা, শ্রদ্ধা আৰু ৰাকুল৷ চাৰিওগৰাকী অভিনেত্রীকে এন চি বিয়ে ড্রাগ্ছ সম্পর্কীয় গোচৰত সোধা–পোছা কৰিব৷

উল্লেখ্য যে দীপিকা পাডুকনৰ মেনেজাৰ তথা কৱান টেলেণ্ট মেনেজমেণ্ট কোম্পানীৰ কর্মচাৰী কৰীশ্মা প্রকাশে ড্রাগ্ছ মাফিয়াৰ সৈতে বার্তালাপ কৰাৰ তথ্য এন চি বিয়ে সংগ্রহ কৰিছে৷ হোৱাটছএপ বার্তাত ‘ডি’ক এন চি বিয়ে দীপিকা পাডুকন বুলি নিশ্চিত কৰিছে৷ আনপিনে ড্রাগ্ছ সম্পর্কীয় হোৱাটছএপ বার্তালাপত দীপিকা পাডুকনৰ নাম সাঙোৰ খাই থকাটো এন চি বিয়ে লাভ কৰিছে৷ অভিনেতা সুশান্তৰ মৃত্যুৰ গোচৰৰ তদন্ত চি বি আয়ে আগবঢ়াই নিয়াৰ সময়তে এই মৃত্যুৰ লগত ড্রাগ্ছ জড়িত হৈ পৰে৷ এন চি বিয়ে ড্রাগ্ছ আৰু বলীউডৰ শিল্পীৰ মাজত সম্পর্কৰ তথ্য সূক্ষ্মভাৱে নিৰীক্ষণ কৰাৰ অন্তত প্রতিদিনে ড্রাগ্ছৰ লগত জড়িত বলীউড শিল্পীৰ নাম তালিকাভুক্ত কৰিছে৷ অভিনেতা সুশান্তৰ প্রেমিকা ৰিয়া চক্রৱর্তী আৰু ৰিয়াৰ ভাতৃ সৌৱিক চক্রৱর্তীৰ লগতে গ্রেপ্তাৰ কৰা আঠ ড্রাগ্ছ মাফিয়াৰ স্বীকাৰোক্তিৰ ভিত্তিত এন চি বিয়ে বলীউডৰ ২৫গৰাকী তাৰকা শিল্পীক ৰাডাৰত ৰাখে৷ এন চি বিয়ে ড্রাগ্ছ গোচৰটোৰ তদন্ত অব্যাহত ৰাখি ৰিয়া, সৌৱিকসহ ১৬জনক গ্রেপ্তাৰ কৰিছে৷ এই ১২জনৰ স্বীকাৰোক্তিৰ ভিত্তিত বলীউড জগত ড্রাগ্ছ মাফিয়াৰ সৈতে জড়িত থকাটো নিশ্চিত হৈছে৷

বুধবাৰে এন চি বিয়ে ‘উড়তা পঞ্জাব’ৰ সহঃ প্রযোজক মধু মণ্টেনাক সোধা–পোছা কৰে৷ দক্ষিণ মুম্বাইৰ এন চি বি গেষ্ট হাউছত পুৱা ১১.৩০ বজাৰ পৰা মধু মণ্টেনাক সোধা–পোছা কৰে৷ উল্লেখ্য যে সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ লগত সংপৃক্ত ড্রাগ্ছ গোচৰত ১৬জনক এন চি বিয়ে গ্রেপ্তাৰ কৰিছে৷ ৰিয়া, সৌৱিকৰ লগতে সুশান্তৰ হাউছ মেনেজাৰ ছেমুৱেল মিৰাণ্ডা, ঘৰুৱা সহায়ক দীপেশ সাৱন্ত, ড্রাগ্ছ মাফিয়া জাইড বিলাট্রা, আবডেল বছিত পৰিহাৰ, আইজান ইব্রাহিম, কর্ণ অৰৰা, আব্বাচ লাখানী আৰু অনুজ কেজৱানি৷ অভিনেতা সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ সৈতে সম্পর্কিত ড্রাগ্ছ গোচৰত দীপিকা পাডুকন জড়িত হৈ পৰাৰ পূর্বে অভিনেত্রীগৰাকীয়ে ‘কা’বিৰোধী আন্দোলনত শ্বাহিনবাগত সমর্থনকাৰীৰ ৰূপত উপস্থিত হৈ ৫ কোটি টকা পাকিস্তানস্থিত সংগঠনৰ পৰা লাভ কৰিছিল বুলি ব্যাপক বিতর্ক সৃষ্টি হৈছিল৷

ইপিনে, ৰিয়া চক্রৱর্তী আৰু ৰিয়াৰ ভাতৃ সৌৱিকৰ জামিন আবেদন বোম্বে উচ্চ ন্যায়ালয়ে বুধবাৰে শুনানি স্থগিত ৰাখে৷ বৰষুণৰ বাবে উচ্চ ন্যায়ালয় বন্ধ ৰাখিব লগা হোৱাত ৰিয়াৰ জামিন আবেদনৰ শুনানি কাইলৈ গ্রহণ কৰাৰ সম্ভাৱনা আছে৷ মুম্বাইৰ সত্র আদালতে ৰিয়া আৰু সৌৱিকক ১৪ দিনৰ ন্যায়িক জিম্মা সমাপ্ত হোৱাত পুনৰ ১৪ দিনলৈ ন্যায়িক জিম্মা বৃদ্ধি কৰে৷ অহা ৬ অক্টোবৰলৈ বাইকুল্লা কাৰাগাৰত থাকিব লাগিব ৰিয়া চক্রৱর্তী৷ অৱশ্যে কাইলৈ উচ্চ ন্যায়ালয়ৰ জামিন আবেদনৰ শুনানিৰ ওপৰত নির্ভৰ কৰিব ৰিয়া চক্রৱর্তীৰ কাৰাগাৰৰ ভৱিষ্যৎ৷