‘সুশান্ত ৰাজপুতৰ দেহত বিহ?’… এইমছে চি বি আইক জনালে ভিচেৰা টেষ্টৰ ৰিপ’ৰ্ট

নিয়মীয়া বাৰ্তা, ২৯ ছেপ্টেম্বৰঃ অভিনেতা সুশান্ত সিং ৰাজপুতৰ দেহত কোনো বিহৰ উপস্থিতি নাই। সোমবাৰে এইমছ হাস্পতাল কৰ্তৃপক্ষই চিবিআইৰ হাতত দাখিল কৰা অভিনেতাগৰাকীৰ ভিচেৰা টেষ্টৰ প্ৰতিবেদনত কোৱা হৈছে যে তেওঁৰ দেহত কোনো বিহৰ উপাদান পোৱা নগ’ল।

ইয়াৰ পৰা এটা কথা নিশ্চিত হৈ পৰিল যে অভিনেতাগৰাকীক বিহপান কৰোৱা হোৱা নাছিল। টাইমছ নাওৰ এক বাৰ্তা মতে, এইমছ হাস্পতাল কৰ্তৃপক্ষই সম্প্ৰতি অভিনেতাগৰাকীৰ মৰণোত্তৰ পৰীক্ষা সম্পাদন কৰা কুপাৰ হাস্পতালৰ প্ৰতিবেদনো বিশ্লেষণ কৰি আছে।

এইমছ কৰ্তৃপক্ষৰ মতে, কুপাৰ হাস্পতালে মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰোঁতে কিছু গাফিলতি কৰিছে। সুশান্তৰ ডিঙিত থকা আঘাতৰ কোনো তথ্য মৰণোত্তৰ প্ৰতিবেদন নথকাৰ লগতে মৃত্যুৰ সময়ৰো উল্লেখ নাই। উল্লেখ্য এইমছৰ প্ৰতিবেদন পালেও চিবিআয়ে আনুষ্ঠানিকভাৱে কোনো কথা জনোৱা নাই আৰু সংস্থাটোৱে কাকোৱে ক্লীনচীটো দিয়া নাই।