সুখবৰঃ তথ্যচিত্ৰ ‘The Elephant Whisperers’ আৰু নাটু নাটু গীতে লাভ কৰিলে অস্কাৰ

নিয়মীয়া বাৰ্তা, ১৩ মার্চ: আজি ভাৰতৰ বাবে অতি সুখৰ দিন। প্ৰযোজক গুনীত মংগাৰ তথ্যচিত্ৰ ‘দ্য এলিফেণ্ট হুইছপাৰ্ছ’ই লাভ কৰিছে অস্কাৰ বঁটা। ইয়াৰোপৰি RRR বোলছবিৰ জনপ্ৰিয় গীত নাটু নাটু গীতেও লাভ কৰিলে অস্কাৰ বঁটা।

‘দ্য এলিফেণ্ট হুইছপাৰাৰ’ হৈছে নেটফ্লিক্সৰ এখন তথ্যচিত্ৰ। ইয়াৰ পৰিচালক কাৰ্টিকি গনছালভেছ আৰু প্ৰযোজক গুণিত মংগাই। ইয়াৰ কাহিনীত অকলে এৰি থৈ যোৱা এটা হাতী আৰু ইয়াৰ তত্ত্বাৱধায়কসকলৰ মাজত থকা অবিচ্ছেদ্য বন্ধনৰ।

ইপিনে অৰিজিনেল ছং শাখাত অস্কাৰ বঁটা লাভ কৰিবলৈ সক্ষম হৈছে এছ এছ এছ ৰাজামৌলিৰ ছবি আৰ আৰ আৰৰ গীত নতু-নাটুৱে। এই অতি বিশেষ গীতটি ৰচনা কৰিছে এম এম কীৰাৱণীয়ে। চন্দ্ৰ বসুৱে ইয়াৰ গীতৰ কথা লিখিছে। আনহাতে ৰাহুল ছিপলিগঞ্জ আৰু কাল ভৈৰৱে গীতটোত কণ্ঠ নিগৰাইছে।

ইফালে প্ৰধানমন্ত্ৰী মোদীয়ে ‘নাটু নাটু’ আৰু ‘দ্য এলিফেণ্ট হুইছপাৰ্ছ’ক অস্কাৰ বঁটা লাভ কৰাৰ বাবে অভিনন্দন জ্ঞাপন কৰিছে।

Featured