ইমৰান খানৰ পদত্যাগৰ দাবীত উত্তাল পাকিস্তান

নিয়মীয়া বাৰ্তা, ২৩ নৱেম্বৰঃ পাকিস্তানত ইমৰান খানৰ পদত্যাগৰ দাবীত বিৰোধীয়ে চলাই থকা বিক্ষোভ–প্রতিবাদী কার্যসূচী অধিক জংগী হৈ পৰিছে৷ দীর্ঘদিন ধৰি প্রধানমন্ত্রী ইমৰান খানৰ পদত্যাগৰ দাবীত প্রতিবাদ কৰি আহিছে বিৰোধী দলবোৰে৷ বিৰোধী দলবোৰে অভিযোগ কৰা অনুসৰি ২০১৮ৰ নির্বাচনত সামৰিক বাহিনীৰ সমর্থনত ৰিগিঙৰ জৰিয়তে জয়লাভ কৰিছিল ইমৰান খানৰ পাকিস্তান তেহৰিক–ই–ইনচাফ (পিটিআই) দলে৷

কালি পেছোৱাৰ চহৰত হাজাৰ হাজাৰ লোকে সমৱেত হৈ ইমৰান খান চৰকাৰৰ বিৰুদ্ধে প্রতিবাদী শ্লোগান দিছে৷ লক্ষণীয়ভাৱে ক’ভিড–১৯ মহামাৰীৰ প্রতিৰোধী নিষেধাজ্ঞা থকা সত্ত্বেও বিৰোধী দলৰ নেতা–কর্মীসকলে প্রধানমন্ত্রী খানৰ পদত্যাগৰ দাবীত বৃহৎ বিক্ষোভত চামিল হৈছে৷

যোৱা ১৬ অক্টোবৰৰ পৰা পাকিস্তান ডেম’ক্রেটিক মুভমেণ্ট (পিডিএম) নামৰ বিৰোধী দলসমূহৰ সন্মিলিত মর্চাই দেশখনৰ বিভিন্ন চহৰত সাব্যস্ত কৰিছে ইমৰান খান চৰকাৰবিৰোধী প্রতিবাদ৷ পঞ্জাব, সিন্ধ আৰু বেলুচিস্তান চহৰত ইতিমধ্যে এই বিক্ষোভলৈ গৰিষ্ঠসংখ্যক লোকে সমর্থন জনাইছে৷ আজি খাইবাৰ পাখতুনখাৱা প্রদেশো বিক্ষোভত উত্তাল হয়৷

Featured