প্রাক্তন পাক ৰাষ্ট্রপতি জর্দাৰীক অভিযুক্ত আদালতৰ

পার্ক লেন কেলেংকাৰিৰ গোচৰ

নিয়মীয়া বাৰ্তা ১১ আগষ্টঃ পাকিস্তানৰ প্রাক্তন ৰাষ্ট্রপতি আছিফ আলী জর্দাৰীক পার্ক লেন কেলেংকাৰিৰ গোচৰত অভিযুক্ত কৰিছে আদালতে৷ কৰাচীৰ বিলৱাল হাউছৰ পৰা ভিডি’ লিংকৰ জৰিয়তে আছিফ আলী জর্দাৰী একাউণ্টেবিলিটী আদালতত উপস্থিত হৈছিল৷ গোচৰটোত দোষী সাব্যস্ত নকৰিবলৈ আবেদন জনাইছিল জর্দাৰীয়ে৷ এক্সপ্রেছ ট্রিবিউনৰ প্রতিবেদন অনুসৰি জর্দাৰীৰ বিৰুদ্ধে বিচাৰ প্রক্রিয়া চলাই যোৱা হ’ব৷ বিচাৰপতি মহম্মদ আজম খানে গোচৰটোৰ শুনানি লোৱাৰ সময়ত জর্দাৰীয়ে উল্লেখ কৰে যে তেওঁক এই গোচৰটোত অভিযুক্ত কৰিব পৰা নাযায় এই কাৰণেই যে অধিবক্তাসকল শীর্ষ আদালতত ব্যস্ত আছে৷ কিন্তু জর্দাৰীৰ আবেদন অগ্রাহ্য কৰে আদালতখনে৷ লক্ষণীয়ভাৱে এই গোচৰটোত প্রাক্তন ৰাষ্ট্রপতি জর্দাৰীৰ উপৰি আন কেইবাগৰাকীও ব্যক্তিৰ বিৰুদ্ধে অনা হৈছে অভিযোগ৷ অভিযুক্ত লোকসকলৰ ভিতৰত আছে ওমনি গ্রুপৰ মুৰব্বী আনোৱাৰ মজিদ, শ্বেৰ আলী, ফাৰুক আব্দুল্লা, ছালিম ফাইছাল আৰু মুহাম্মদ হানিফো৷