ঐতিহাসিক ৰায়ঃ পেৰুৰ এইগৰাকী মহিলাক আদালতে দিলে ইচ্ছামৃত্যুৰ অধিকাৰ

নিয়মীয়া বাৰ্তা, ৪ মাৰ্চঃ এক ঐতিহাসিক ৰায়যোগে পেৰুৰ এগৰাকী মহিলাই ইচ্ছামৃত্যুৰ বাবে জনোৱা আবেদনত সন্মতি জনাইছে পেৰুৰ আদালতে। বাতৰি সংস্থা ৰয়টাৰৰ এক প্ৰতিবেদন মতে, ৪৪ বছৰীয়া এই মহিলাগৰাকীয়ে বিগত ৫ বছৰে ইচ্ছামৃত্যুৰ বাবে আদালতত যুঁজ দি আছিল।

এনা এষ্ট্ৰাদা নামৰ মহিলাগৰাকী এগৰাকী মনস্তত্ত্ববিদ। তেওঁ ১২ বছৰ বয়সতে পলীমায়োচিটিজ নামৰ এক দুৰ্লভ ৰোগৰ চিকাৰ হৈছিল। পলীমায়োচিটিছ হৈছে এক প্ৰকাৰৰ পেশী ৰোগ যাক প্ৰদাহজনক মায়োপেথী বুলি কোৱা হয়। ই পেশীক দুৰ্বল কৰাৰ লগতে বিষৰ সৃষ্টি কৰে। এনাই এই বেমাৰৰ বাবে বিছনাত পৰি থকাৰ লগতে উশাস লোৱাৰ বাবে সদায়ে শ্বাসযন্ত্ৰৰ আশ্ৰয় ল’ব লগা হৈছিল।

এইদৰে পলীমায়োচিটিজ ৰোগত প্ৰায় ৩০ বছৰ ভুঞ্জাৰ পিছত পেৰু আদালত তথা চৰকাৰৰ পৰা ?যোৱা মঙলবাৰে ঐতিহাসিক ৰায় শুনি নিজে আনন্দিত বুলি প্ৰকাশ কৰে এনাই।

উল্লেখ্য, ইচ্ছামৃত্যুক লৈ আন বহুকেইখন দেশৰ দৰে পেৰুতো নিষেধাজ্ঞা আছে। কিন্তু এই সকলো নিষেধাজ্ঞা সত্ত্বেও পেৰু চৰকাৰে এনা এষ্ট্ৰাদাৰ দুৰ্বিসহ জীৱনলৈ চাই ইচ্ছামৃত্যুৰ বাবে সন্মতি প্ৰকাশ কৰে।

আদালতৰ ৰায় শুনাৰ পিছত এনাই কয়- ‘এতিয়া মই স্বাধীন, আজি মই এইক্ষেত্ৰত অধিকাৰ লাভ কৰিলো যে মই যেতিয়াই বিচাৰো, তেতিয়াই মৰিব পাৰিম। যিসকল লোকে মোৰ অনুভৱ বুজিব পৰা নাই, তেওঁলোকে কেতিয়াও ইয়াক বুজিব নোৱাৰে আৰু কেতিয়াও ইয়াক বুজিবলৈ চেষ্টাও নকৰে। এই ৰায় মোৰ বাবে এক গুৰুত্বপূৰ্ণ উপলব্ধিয়েই নহয়, পেৰুৰ ন্যায় ব্যৱস্থাৰো এয়া এক প্ৰশংসনীয় উপলব্ধি।’

উল্লেখ্য, আদালতে এনাই ইচ্ছামৃত্যুৰ বাবে তাৰিখ নিৰ্ধাৰণ কৰাৰ লগে লগে স্থানীয় প্ৰশাসনক সকলো প্ৰকাৰৰ যাৱতীয় প্ৰস্তুতি চলাবলৈ সাজু থাকিবলৈ নিৰ্দেশ দিয়ে।