পি’অকেৰ জনগাঁথনি সলনি কৰিছে ইছলামাবাদে

নিয়মীয়া বাৰ্তা ২৯ ছেপ্টেম্বৰঃ  ৰাষ্ট্রসংঘৰ মজিয়াত বাৰে বাৰে ভাৰতে পাকিস্তানৰ সন্ত্রাসবাদীক পৃষ্ঠপোষকতা কৰা নীতিৰ বিৰুদ্ধে কঠোৰ সমালোচনা কৰি আহিছে৷ শেহতীয়াকৈ বিশ্বৰ সর্বোচ্চ সংস্থাটোৰ সাধাৰণ পৰিষদৰ ৭৫সংখ্যক অধিৱেশনত ভাৰতৰ কূটনীতিক পৱন বান্ধেই উল্লেখ কৰিছে যে পাকিস্তানে সন্ত্রাসবাদীক আশ্রয় দি পাক অধিকৃত কাশ্মীৰ (পি’কে)ৰ জনগাঁথনি সলনি কৰি আহিছে৷ জম্মু–কাশ্মীৰ কেন্দ্রীয়শাসিত অঞ্চলৰ অংশ পাক অধিকৃত কাশ্মীৰত ইছলামাবাদ প্রশাসনে সন্ত্রাসবাদীক প্রশিক্ষণ দি জনগাঁথনিৰ প্রতি কঢ়িয়াই আনিছে ভাবুকি৷ বিশ্ববাসীয়ে ক’ভিড–১৯ৰ মোকাবিলা কৰি থকাৰ সময়ত পাকিস্তানে ৪ সহস্রাধিক সন্ত্রাসবাদীক পাক অধিকৃত কাশ্মীৰত প্রশিক্ষণ দিয়া বুলিও কূটনীতিকগৰাকীয়ে অভিযোগ কৰে৷