নিয়মীয়া বাৰ্তা, ২৭ জানুৱাৰী: সমগ্ৰ বিশ্বতে নিতৌ সংঘটিত হয় দুৰ্ঘটনা। য’ত প্ৰায়ে কাৰোবাৰ নহয় কাৰোবাৰ গাফিলতিৰ ফলতেই দুৰ্ঘটনাটো হোৱা বুলি পোৱা যায়। ৰাস্তাত গাড়ী চলাওতে বহু সময়ত নিয়ম ভংগ কৰাৰ বাবেই দুৰ্ঘটনা সংঘটিত হয়। অৱশ্য়ে বিমান দুৰ্ঘটনাৰ কথা আহিলে ইয়াত ভুলটো বিচাৰি উলিওৱা বৰ কঠিন হৈ পৰে। আনহাতে বিমান দুৰ্ঘটনাত মানুহ বা যাত্ৰীৰ জীয়াই থকাৰ সম্ভাৱনা অতি কম।
শেহতীয়াকৈ ছ’চিয়েল মিডিয়াত বিমান দুৰ্ঘটনাৰ এক ভিডিঅ’ প্ৰকাশ পাইছে, য’ত অৱতৰণ কৰাৰ সময়ত এখন বিমান দুৰ্ঘটনাত পতিত হোৱা দেখা গৈছে। সাধাৰণতে প্ৰতিজন সাধাৰণ মানুহে বিমানেৰে যাত্ৰা কৰাৰ সপোন দেখে। এনে অৱস্থাত বিমান এখন দুৰ্ঘটনাৰ বলি হোৱা দেখি সকোলোৱে ভয় খায়।
ভাইৰেল হোৱা এই ভিডিঅ’টো ছ’চিয়েল মিডিয়াত এয়াৰক্ৰাফ্ট মেইণ্টেনেন্স ইঞ্জিনিয়াৰ নামেৰে ইনষ্টাগ্ৰাম পেজত শ্বেয়াৰ কৰা হৈছে। এই ভিডিঅ’টোত ৰান ৱে’ত অৱতৰণ কৰা এখন প্ৰশিক্ষাৰ্থী বিমান দেখা গৈছে। যিটোৱে দ্ৰুতগতিত নামি অহাৰ সময়ত ৰান ৱে’ৰ ফালে আগবাঢ়ি যোৱা দেখুৱাইছে। বিমানখন ৰান ৱে’ত অৱতৰণ কৰাৰ সময়তে পাইলটে বিমানখনৰ ওপৰত নিয়ন্ত্ৰণ হেৰুৱাই পেলায়। যাৰ ফলত দুৰ্ঘটনাটো সংঘটিত হয়।
View this post on Instagram
A post shared by Aircraft Maintenance Engineer (@aircraftmaintenancengineer)