নিয়মীয়া বাৰ্তা ১১ আগষ্টঃ ক’ভিড–১৯ সংক্রমণৰ পৰা আৰোগ্য লাভ কৰা মধ্য প্রদেশৰ মুখ্যমন্ত্রী শিৱৰাজ সিং চৌহানে কালি উল্লেখ কৰিছে যে ক’ভিড ৰোগীৰ পৰীক্ষাৰ বাবে তেওঁ প্লাজমা দান কৰিব৷ যোৱা ২৫ জুলাইত ক’ৰোনা ভাইৰাছ পৰীক্ষাত পজিটিভ ওলাইছিল চৌহান৷ তাৎক্ষণিকভাৱে মধ্য প্রদেশৰ মুখ্যমন্ত্রীগৰাকীক হাস্পতালত চিকিৎসা প্রদান কৰা হৈছিল৷ ১১ দিন হাস্পতালত চিকিৎসা গ্রহণ কৰাৰ পাছত ৫ আগষ্টত সুস্থ হৈ ঘৰলৈ ওভতে মুখ্যমন্ত্রী চৌহান৷ উল্লেখনীয় যে মুখ্যমন্ত্রীগৰাকীয়ে ক’ভিড–১৯ৰ পৰা আৰোগ্য লাভ কৰাৰ পাছত এতিয়া অন্য ক’ভিড ৰোগীৰ চিকিৎসাৰ বাবে প্লাজমা দান কৰিবলৈ আগ্রহ প্রকাশ কৰিছে৷ চৰকাৰৰ এক বিবৃতিত সদৰী হৈছে এই তথ্য৷ মুখ্যমন্ত্রীগৰাকীয়ে ভিডি’ কনফাৰেঞ্চিঙৰ জৰিয়তে আজি ৰাজ্যখনৰ ক’ভিড পৰিস্থিতিৰ পর্যালোচনাও কৰিছে৷ হাস্পতালৰ পৰা ঘৰলৈ উভতি অহাৰ পাছত আইছ’লেচনতে আছে মুখ্যমন্ত্রী চৌহান৷ শেহতীয়াকৈ কর্ণাটকৰ মুখ্যমন্ত্রী য়েডিয়ুৰাপ্পাও ক’ভিড সংক্রমণৰ পৰা আৰোগ্য হৈছে৷