ইজিপ্তৰ ৰাষ্ট্ৰপতিৰ সৈতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ আলোচনাচক্ৰ

নিয়মীয়া বাৰ্তা,২৫ জানুৱাৰী: বুধবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ইজিপ্তৰ ৰাষ্ট্ৰপতি আব্দেল ফাত্তাহ এল ছিছিৰ সৈতে আলোচনাত মিলিত হয়। য’ত কৃষি,ডিজিটেল ডমেইন,সাংস্কৃতিক আৰু বাণিজ্যকে ধৰি বিভিন্ন ক্ষেত্ৰত দ্বিপাক্ষিক সম্পৰ্ক বৃদ্ধিৰ উপায়ৰ ওপৰত গুৰুত্ব আৰোপ কৰে। তিনিদিনীয়া ভ্ৰমণসূচীৰে মঙলবাৰে ভাৰতত উপস্থিত হোৱা ৬৮ বছৰীয়া আৰৱ নেতাগৰাকী গণৰাজ্য দিৱসৰ মুখ্য অতিথি হিচাপে উপস্থিত থাকিব।