কুকুৰাই কণী দিয়া বন্ধ কৰিছিল উপায়হীন হৈ আৰক্ষীত গোচৰ ফাৰ্মৰ মালিকৰ

নিয়মীয়া বাৰ্তা ২৩ এপ্ৰিলঃ  এক আচৰিত ঘটনা পোহৰলৈ আহিছে। এখন আৰক্ষী থানাত গোচৰ ৰুজু কৰিবলৈ আহিছিল গুচৰীয়া কিন্তু তাকে দেখি আৰক্ষীয়ে আচৰিত হোৱাহে দেখা গ’ল। ঘটনাটো পুনেৰ। এখন কুকুৰা ফাৰ্মৰ গৰাকীয়ে অভিযোগ কৰিছিল যে তেওঁৰ কুকুৰাবোৰে 10 দিনৰ বাবে কণী দিয়া বন্ধ কৰিছিল।

লক্ষ্মণ ভোণ্ডৱেৰ পুনেৰ ওচৰৰ মাহাটোবাচি আলাণ্ডি কমপ্লেক্সত কুকুৰাৰ ফাৰ্ম আছে। লক্ষ্মণ ভোণ্ডৱেৰ ফাৰ্মৰ কুকুৰাবোৰে এতিয়ালৈকে যথেষ্ট কণী দি আছিল। কিন্তু যোৱা দহ দিন ধৰি, কুকুৰাবোৰে কণী দিয়া বন্ধ কৰিছিল। এটা বা দুটা নহয় সকলো কুকুৰা যেন তেওঁলোকে ধৰ্মঘট কৰিছিল। লক্ষ্মণ ইমানেই হতাশ হৈ পৰিছিল যে তেওঁ অভিযোগ দাখিল কৰিবলৈ পোনপটীয়াকৈ পুনেৰ লোনি কালভৰ আৰক্ষী থানাত উপস্থিত হৈছিল।

দৰাচলতে কিছুদিনৰ পূৰ্বে লক্ষ্মণনে এটা কোম্পানীৰ পৰা কুকুৰাৰ দানা কিনিছিল। যেতিয়াৰ পৰা কুকুৰাই সেই কোম্পানীটোৰ দানা খাব আৰম্ভ কৰিলে তেতিয়াৰে পৰা কণী দিয়া বন্ধ কৰিছিল, কুকুৰা কেইটাই। লক্ষ্মণে যেতিয়া স্থানীয় পশু চিকিতসকৰ ওচৰলৈ এই বিষয়ে কয় তেতিয়াহে সকলো কথা গম পায়। যেতিয়াৰে পৰা কোম্পানীটোৰ দানা ফাৰ্মৰ কুকুৰাকেইটাই খাইছিল তেতিয়াৰে পৰা কণী দিব পৰা নাছিল কুকুৰাকেইটাই।

যাৰ বাবে আৰক্ষীৰ কাষ চাপে লক্ষ্মণ।  আৰক্ষীয়েও এই সন্দৰ্ভত কোম্পানীটোৰ বিৰোধে গোচৰ ৰুজু কৰিছে। কেৱল লক্ষ্মণৰ কুকুৰা ফাৰ্মৰ কুকুৰা নহয় বহুকেইখন ফাৰ্মৰ মালিকে সেই কোম্পানীটোৰ বিৰোধে গোচৰ ৰুজু কৰিছে।