ক’ৰোনা সংকটঃ পর্তুগাল ভ্রমণ বাতিল প্রধানমন্ত্রী মোদীৰ

নিয়মীয়া বাৰ্তা, ২১ এপ্ৰিলঃ ক’ভিড–১৯ৰ সংক্রমণৰ ভয়াৱহতাৰ প্রতি লক্ষ্য ৰাখি অহা মে’ মাহৰ পর্তুগাল ভ্রমণ বাতিল কৰিছে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে৷ ভাৰত–ইউৰোপীয় সংঘ সন্মিলনত অংশগ্রহণৰ বাবে প্রধানমন্ত্রী মোদী পর্তুগাল ভ্রমণ কৰাৰ কথা আছিল যদিও ক’ভিড–১৯ৰ পৰিপ্রেক্ষিতত এই ভ্রমণ বাতিল কৰা হৈছে৷ ঠিক তেনেদৰে ফ্রান্স ভ্রমণো বাতিল কৰা হৈছে৷

অৱশ্যে ফ্রান্সৰ ভ্রমণৰ দিন পুনৰ নির্ধাৰিত কৰা হ’ব৷ তাৎপর্যপূর্ণ যে ক’ৰোনা কালত যোৱা মার্চ মাহত প্রধানমন্ত্রী মোদীয়ে প্রথম ভ্রমণ হিচাপে বাংলাদেশলৈ গৈছিল৷ ইয়াৰ পিছতেই ৮ মে’ত পর্তুগালত অনুষ্ঠিত হ’বলগীয়া ষষ্ঠদশ ভাৰত–ইউৰোপীয় সংঘ সন্মিলনত অংশগ্রহণৰ বাবে দেশখন ভ্রমণ কৰাটো নিশ্চিত আছিল৷ কিন্তু ক’ভিড–১৯ সংকটৰ বাবে এই ভ্রমণ বাতিল হয়৷